পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১০
অসমীয়া সাহিত্যৰ অধ্যয়ন


“জোনাকী" (কবিতা জাল), “সুখ-গীত” আদি কেৱল সৌন্দৰ্য্যময় একোপাহি পাৰিজাত মাথোন। এইবোৰৰ অংশিক উদ্ধৃতি প্ৰায় অসম্ভৱ কথা।

 আৰু তিনটি কবিতাৰ থুপি এটিলৈ আঙুলিয়াই দি সামৰণি মৰা হওক। “সন্ধিয়া” “বিমুখ” আৰু “যুগমীয় শোক’’ত কবিৰ অতিশয় নিজা তীব্ৰ অনুভূতি এটাৰ পৰাও তেওঁ মহৎ জীৱনলৈ উঠিছে,—“মৰম শিকাব তোৰ শোকে; লেখৰ যিকি দিন থাকোঁ মৰ্ত্ত্য লোকে॥ মানুহক ভাল পাম ভাবি আই তোকে; ক্ষেমিম সকলো চিন্তি তোৰেই মুখকে।” “ভুমুকি মাৰিয়ে হলি সংসাৰ বিমূখ; সংসাৰৰ বিহে তোৰ দহিলে হৃদয়’’ আদিৰ গুৰিতেও গুটীয়া শোকেই। কিন্তু “সন্ধিয়া” নামৰ ৰূপহ ৰূপক কবিতাটি এই দুটিৰ পৰা অলপ লৰ, “দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়।” “সন্ধিয়া আইটী হায়! মুকলি চুলিৰে; নীৰৱে এন্ধাৰ কবি বিশ্ব পৰিহৰে।” এই সন্ধিয়াৰ সৌন্দৰ্য্য তাৰ ক্ষণস্থায়িত্বত, যেন প্ৰিয়জনৰ আধা খোৱা প্ৰথম শেষ চুমাটি—“প্ৰথম চুমাৰ ৰেখ নৌ পৰোঁতেই। নিঠুৰ বিৰহে তাক মচিয়ে নিলেই।”

 মুঠতে, “প্ৰতিমা অসমীয়া বৰ্ত্তমান পদ্য সাহিত্যৰ এখনি শীৰ্ষস্থানীয় পুথি। এই প্ৰৱন্ধত তাৰ সঙ্কেত মাথোন দিয়া হৈছে। ভাষাৰ ফালৰ পৰাও ইয়াৰ নিজা মিঠা গুণ এটা আছে, “তেজীমলা” আদি বেলেড্ বা গীত- সাহিত্যৰ ভাব-ভাষাৰ সুৱলা অনুসৰণৰ পৰাই ভাব মূল নিৰ্ণয় কৰিব পাৰি। তদুপৰি 'আন্ধাৰৰ’ ঠাইত ’এন্ধাৰ’, ‘আধা’ৰ ঠাইত ’এধা’, ‘মালা’ৰ ঠাইত ‘মলা', 'ছাঁয়া’ৰ ঠাইত ছঁয়া', আৰু কুটুম, বান্ধৈ, মিতিৰ, আদি সোৱাদ-লগা ঘৰুৱা মাত-কথাবোৰৰ ব্যৱহাৰ কবিতাবোৰত বঢ়িয়াকৈ ৰজিতা খাই পৰিছে। সৰহ কি, তেজীমলাৰ দৰে পুৰণি সৰবৰহী কাহিনী এটাতো এই পৈণত খনিকৰে নতুন মোহ সিঁচিছে, বা “ৰূপতে ৰূপতে ৰূপ তুলি, পাৰিজাত ফুলি, তেজীমলা জকমকায়।” আৰু তাত “এন্ধাৰে পোহৰে মিলন-মাধুৰী, ৰূপৰ ধেমালি দৰা।” এইদৰে শেষত বেজবৰুৱা দেৱৰ ভাষাৰেই সামৰিব লগা হয়—“প্ৰতিমাখনি সৰু, কিন্তু ই নিজ সোণৰ।” ('বাঁহী’ )।

বাঁহী, ত্ৰয়োদশ বছৰ, সংখ্যা ১৮৪৫ ( পৰিবৰ্দ্ধিত )

⸺⸻