পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৯
“প্ৰতিমা’’ কবিতা—চন্দ্ৰকুমাৰ

“মানৱ বন্দনা’’ কবিতাত কবিৰ ঘাই বাণী বৰ সাজ পিন্ধি অতি মৌলিক- ৰূপে দেখা দিছে —

মানৱী জনম দিয়াঁ উটুৱাই মানৱী কৰম-সোতে,
মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে।
মানুহেই লগ, মানুহেই সঙ্গ, মানুহেই পৰাৎপৰ,
এই যে পৃথিবী স্বৰ্গতো অধিক, মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ।
কৰাঁ পূজা, অৰ্ঘ্য পাদোদক লৈ,—জয় জয় মানৱ দেৱ!

 “বনকুঁৱৰী,” “জলকুঁৱৰী,” “তেজীমলা” আদি কবিতাৰ ভিতৰেদিও এই মৰমৰ বাতৰিয়েই ঘাইকৈ উশাহ লৈছে! —“মৰম ভিখাৰী, বিচাৰিছোঁ দেবি, প্ৰাণৰ অমিয়া মাধুৰী।” (বন-কুঁৱৰী)। “তেজীমলা’’ৰ—

কুমাৰী ছোৱালী, কুটুমে পেলালে দলিয়াই মৰম ফেৰি।
মানুহে মানুহে ইমানহে মৰম, চকুলো পৰে সুঁৱৰি!
মানুহৰ চোতালত মাধুৰী ফুটিলে, মানুহে নিচিনি হায়!
সাৰি-তুলি ছিঙ্গি মোহাৰি পেলালে, মানুহৰ মৰমো নাই।
মৰমৰ পানী নোহোৱা ঠাইত কেনেকৈ বিশ্বাস থয়?
সেয়ে তেজীমলা দূৰৈতে শিপাই পাৰিজাত হই বয়।...

 হাজাৰো হওক, নিৰহ-নিপানী সত্য বিজ্ঞানৰহে বিষয়। কবিতাৰ সত্য সদায় সৌন্দৰ্য্যজ্ঞাপক। “প্ৰতিমা’’ত এই সৌন্দৰ্য্যৰ পৰশেই প্ৰধান। সৰহ কি, “ক’ত কৰবাত এফেৰি ৰূপৰ কান্তি; অজ্ঞানে সজ্ঞানে সেয়ে ধ্যান জ্ঞান মোৰ।” “ফুৰিছোঁ যাত্ৰীৰ বেশে স্বদেশ বিদেশ, সৌন্দৰ্য্য আভাৰ য'তে পাওঁ একণিকা। সুন্দৰৰ আৰাধনা জীৱনৰ খেল। অভিনয় অন্তে ঘোৰ কাল যৱনিকা।” (সৌন্দৰ্য)। “সুন্দৰ সুন্দৰ বুলি বিয়াকুল নৰ; মন্ত্ৰমুগ্ধ সুন্দৰক যেয়ে দেখে য’তে।” (“সুন্দৰ”)। “সুন্দৰৰো সুন্দৰ ই দুদিনীয়া দেশ; যতনৰ আনন্দৰ শুৱনি আৱেশ।’’ (“অসীম সুন্দৰ )”। ইয়াৰ উপৰি “মাধুৰী,” “কিশোৰী,” “নীয়ৰ” “ফুল সৰিয়হ তৰা,”