পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“প্ৰতিমা” কৱিতা—চন্দ্ৰকুমাৰ

ইংৰাজী সাহিত্যৰ এলিজাবেথ জন্ আদি কেজনমানক ডক্টৰ জন্সনে “মনস্তত্ত্ববিদ কবি'’ নাম দিছিল, কিন্তু তেওঁলোকত যে সেই আখ্যা সমূলি ৰজিতা নাখায়, এই বিষয়ত সমালোচকসকল প্ৰায় একমত। সৃষ্টিৰ মহান নাটত মানুহ আত্মাৰ ভাগ আৰু সমগ্ৰ বিশ্বৰ দাৰ্শনিক অনুভৱৰ দ্বাৰা প্ৰণোদিত ইটালীয় কবি ডাণ্টেৰ ‘ডিভিনা কমেডিয়া', বা জাৰ্ম্মাণ কৰি গখেৰ “ফষ্ট’’ৰ শাৰীৰ কবিতাহে প্ৰকৃত মনস্তত্তমূলক বুলিব পাৰি। এনে মহান কবিসকলৰ মন আৰু কল্পনাত সৃষ্টি আৰু জীৱন-ৰহস্যৰ বিশেষ ব্যাখ্যা জিলিকি উঠে আৰু সি জীৱনৰ ভাব-ধাৰা একত্ৰিত আৰু উদ্দীপিত কৰে; আত্মাৰ ইতিহাসত প্ৰতিফলিত হোৱা অনুসৰি মানৱ অদৃষ্টৰ মহান নাটকৰ তেওঁ নিজে যি সামান্য আভাস পায়, তাৰ সহায়ত নিজৰ আনন্দ-বেজাৰ, আশা আৰু ভয়ৰ অনুভূতি অধিক তীব্ৰ আৰু উচ্চ হৈ সেই বোধৰ অৰ্থ আৰু বহলাই পেলায়। সুপ্ৰসিদ্ধ সমালোচক মেথু আৰ্ণল্ডৰ “জীৱনৰ ব্যাখ্যা ৰূপে কবিতা’’, তাৰো মৰ্ম্ম এয়ে।

 কবিতাৰ বিষয় বিষাদ, হাঁহি, প্ৰেম, ঘৃণা আদি জীৱনৰ ওপৰ ভাগৰ সামান্য অভিজ্ঞতাৰ কথাও হব পাৰে; তথাপি যদি কবিয়ে এইবোৰৰ ভিতৰতো চেতনা জগাব পাৰে, যদি বিবিধ আৰু বিচিত্ৰ ঐক্যেৰে আৰু নানান চলন্ত মানস-চিত্ৰেৰে সেইবোৰক তীব্ৰ অভিজ্ঞতাত পৰিণত কৰিব পাৰে, তেন্তে তেনে কাব্য-কথাও সমানে অতি উন্নত ধাৰণা, অতি গভীৰ অনুভৱ, আৰু অতি সূক্ষ্ম আৰু অতি জটিল যুক্তিৰ শ্ৰেণীবিভাগ আৰু ধৰ্ম্মালাপো হব পাৰে। সুকৱি চন্দ্ৰকুমাৰ আগৱৰালাৰ প্ৰথম কবিতা পুথি “প্ৰতিমা”ৰ ভালেখিনি কবিতাই এই জাতিৰ অতি ওখ শাৰীৰ কবিতা, আৰু আধুনিক অসমীয়া সাহিত্যত ইহঁতৰ উপমা বিৰল।

 “প্ৰতিমা’’ৰ পোনৰ কবিতাটিয়ে তেওঁৰ “হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমা” চাবলৈ দৰ্শকৰ বাবে আঁৰ-কাপোৰ দাঙি ধৰিছে। “প্ৰতিমা’’ কবিৰ “হিয়াৰ বিকাশ” স্বৰূপ; ইয়াত কেৱল যত্ন কৰা হৈছে তাৰে