পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
অসমীয়া সাহিত্যৰ অধ্যয়ন

 খেৱালি জালৰে
টিকনিতে ধৰি
এইনো বৰঘৰ
জপাৰ বৰকাপোৰ
এইনো বৰেঘৰ
মৰিবৰ সময়ত
বৰঘৰ ভাগিলে
দেহা বুঢ়া হলে
ঘৰও ভাগিব
মৌৱাতৰ টেকেলাই

 

গুটি বাৰ বুৰি
চোঁচনি মাৰিব
কেহেলৈ সজালোঁ
জপাতে পচিব
কেহেলৈ সজালোঁ
বাজলৈ উলিয়ায়
সজাম ভালে কৰি
ৰাখিম কেনে কৰি
মাৰলি হালিব
ধৰি লৈয়ে যাব

 

পাহৰ লেখা-জোখা নাই৷
সৱাকে একে ঠাইত পাই॥
কেহেলৈ সাঁচিলোঁ ধন৷
হাড়তো গজিব বন৷৷
শুবলৈ নাটিলে পাটি৷
ঘৰ ছুৱা যাব বুলি৷৷
আগতকৈ ৰূপহী কৰি৷
যাব নিজ ঘৰে চলি৷৷
চটিটো ধৰিব ঘূণে৷
জামিন হৈ ৰাখিব কোনে৷৷

 জধে-মধে গোটোৱা কিছুমান জিকিৰত “আপোনাৰ শৰীলক আপুনি নিচিনো’’ আদি দেহ-বিচাৰ বা টোকাৰী নাম, আৰু কেতিয়াবা “কি বুধি কৰিলোঁ বাৰীত ডামেকলে ৰুই” আদি গৰখীয়া নামো সুমুৱাই লেখত সৰহ আৰু জোখত তাকৰ কৰা দুখৰ কথা হৈছে। মহাপুৰুষীয়া গীতত মৈথিলী শব্দ মিহলি কৰাৰ দৰে ইয়াত ব্যৱহাৰ কৰা “দুনিয়া", "মৌৱাত”, “জামিন” আদি শব্দ সুৱলা হৈছে।—

“কলিমাহে বৰ ধন লাগে মনে ভাব।  আউৱলে পয়দা হল কলিমাহে আগ॥
কলিমাহে বৰ ধন মনে লৈ ধৰি। কতো লোকে নাপায় এক হলে গুনাহগিৰি॥
কলিমাহে বৰ ধন আন নহয় সাৰ।  বান্দাক ভেটিয়া আছে কুঁৱলী আন্ধাৰ॥
কলিমাহে বৰ ধন আন নহয় তুল।  তামাম্ আলাম মাজে কলিমাহে ফুল॥
কলিমাহে লাহ তামিন্ কলিমাহে সাৰ। কলিমা নললে বান্দা দিনতে আন্ধাৰ॥
কলিমা নামে সাৰথি জীউৰ লগে যায়। যি ঠাইতে ছালাম যোগায় সি ঠাইতে শোধায়॥
কলিমাহে লাহ আমিন্ ভেটি আছে কালে। যেন মৃগ পহু ভেটে চউপাশে জালে ৷৷
কোকিলাৰ ডাকৰ আগে সৰ্বলোকে জাগে। কিবা বস্তু লৈয়া যাবা গুৰুজনৰ আগে।
নিশা পোহাইয়া গলে কোকিলৰ ৰাৱ। সাউদ সমে শ্বাহমিলনে মেলি আছে নাও।

⸺⸺