পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
ৰাজকীয় পত্ৰ, মানুহ বেচা আৰু পেৰা কাকতাদি

 ১৮১৬ ব তাম্ৰপত্তৰ গদ্য : “স্বস্তীন্দ্ৰ বংসোৎপন্ন পূৰ্ণচন্দ্ৰঃ শ্ৰীকান্ত পাদাম্বুজ মত্তভৃঙ্গ...শ্ৰীচন্দ্ৰকান্তাদিক সিংহ নৃপঃ...এতদ্বিবৰণ কামৰূপ দেশৰ বড়ুয়া ও বৰকায়স্থ ও পাটোআৰি ও তালুকদাৰ ও ঠাকুৰিয়া ও গইৰহ সকলো সাৱধানে জানিব : বাউসি পৰগণাৰ অতিৰাম চৌধাৰিএ শ্ৰীবুঢ়া গোহাঞি ডাঙ্গৰিয়াক দ্বাৰ কৰি শ্ৰীশ্ৰীদেৱলৈ জনালে বোলে বন্দিৰ পূৰ্ব্বপুৰুষ বঙ্গালৰ দিনৰ পৰা বাউসি পৰগণাৰ চৌধাৰি আচিল। মাজতে কিছুকাল বংসৰো আন ঘৰৰ গোটাদিএক চৌধাৰি হৈচিল। কিন্তু বন্দিৰ অনেক পুৰুসিয়া বৃত্তি এই ৰূপে পূৰ্ব্বৰ ফাৰ্চ্চিৰ মহজৰ দেখাই ৺দেৱলৈ জনোয়ত শ্ৰীশ্ৰীদেৱে ফাৰ্চ্চিৰ মহজৰ বুজি অনেক পুৰুসিয়া বৃত্তি হেন জানি অতিৰমিক চৌধাৰি পাটোআৰি দুয়ো বিসই পাতি তাম্ৰপত্ৰ কৰি দিবলৈ আজ্ঞা কৰিলে।

 “পূৰ্বে এই পৰগণাৰ পেড়াবৰ্ষণ চক্ৰ মাহত ৬৬্ টকা, বৎসৰত ১৩০০ তেৰ স, আকে স্থলাধিকাৰৰ নিকটত সোধাই পুত্ৰপৌত্ৰাদি ক্ৰমে পৰম সুখে ভোগ কৰি থাকিব। যদি কোনো কালত আন পৰগণাৰ জমাৰ কমি বেচি হই, এই পৰগণাৰ জমাৰ কমি বেচি কৰিব নাপাই : ভগা পৰগণা আনো ওপৰঞ্চি বাবে ধৰিব নাপাই। ইতি শক ১৭৩৮, তাং ৭ বৈশাখ৷’’

 এনে বিবিধ গদ্যৰ নিদৰ্শন অন্যান্য সাহিত্যত বিৰল। ১৯৫০-৫১ ডঃ সুভদ্ৰ ঝাই “জৰ্ণেল এছিয়টিক’’ত দুখন মানুহ-বেচা কাকত উলিয়াইছিল; তাৰ বাহিৰে তেনে কাকত আপুৰুগীয়। কাৰ্য্যকৰী বিষয় বাবেই হবলা এই গদ্যবোৰৰ ভাষা অতি প্ৰাঞ্জল আৰু সুলিখিত। বৰদোৱা থানৰ তাম্ৰপত্ৰৰ গদ্য ভাষাৰ পৰিপাটিতাৰ ফালৰ পৰা বিশেষৰূপে মন কৰিব লগীয়া। ইয়াৰ উপৰি এই যুগৰ নানাবিধ গদ্য আছে, সেইবোৰে আধুনিক গদ্যৰ বিকাশ দেখুৱায়।

 সন্দীপিকাৰ গদ্য : “১৫৯২ শকৰ শৰাইঘাট বণত অহমৰ লাচিত বৰফুকনৰ সাহাৰ্য্যৰ অৰ্থে কলিয়াৰ পুৰ অচ্যুতানন্দক বৰদলৈ পাতি..এই ইমাৰ ঘৰৰ ১১ জন পাতিদলৈ লগত দি গুৱাহাটীলৈ পঠালে। আজ্ঞা... উত্তৰে পূবে দক্ষিণ-পশ্চিমে কটক চলাবলৈ বৰদলৈয়ে পাতিদলৈৰ লগত মেল কৰিব। পৰে ফুকনক ভেটিব। সেইমতে সেনাপতি ফুকনে পূবে- পশ্চিমে উত্তৰে-দক্ষিণে পাচিব। শুভক্ষণ চাই অচ্যুতাই হিলৈ টিঙ্গিৰি