চিঠিবোৰ এতিয়া সৌভাগ্যক্ৰমে অসমীয়া সাহিত্য বাচক-বণীয়া বস্তু হৈ পৰিছে।
১৭৪৯ ৰ তাম্ৰপত্ৰৰ গদ্য: ৺স্বস্তি...শ্ৰীপ্ৰমত্তসিহ নৃপতিঃ...। সৌমাৰ পীঠ কামৰূপ দেশৰ বড়ুয়া ও বৰকায়স্থ ও চৌধাৰি ও পাটোৱাৰি ও তালুকদাৰ ও ঠাকুৰীয়া আনো সকলে জানিব : খাতা পৰগণাৰ দিপৰ গ্ৰামৰ জঙঘলা জমী ৩২ পুড়া, বাড়ি মাটি ৮ পুড়া... বৈদ্য বিশাৰদ ব্ৰাহ্মণক ৺এ পুণ্যাৰ্থে ব্ৰহ্মোত্তৰ কৰি দিলে, পুত্ৰ-পৌত্ৰাদি ক্ৰমে ভোগ কৰি ৮ৰ কুশল চিন্তি থাকিব। ইহাৰ কৰ-কাটল পদ-পঞ্চক... ৰাজদণ্ডাৰ্হ ব্যতিৰেক সৰ্ব্ব কৰ পৰিত্যাগ হৈল। ইহাত যদি কোনোজনে অন্যথা কৰে দণ্ডাৰ্হ হইবেক। শক ১৬৭১, মাস ফাগুন।”
১৭৯৯ ৰ মানুহ-বেচা কাকতৰ গদ্য : ১৭২১ পুষৰ ৪ দিন থকাত কুঞ্জ বাবে। শ্ৰীশ্ৰীকমলেশ্বৰ সীঙ্ঘ মহাৰজাৰ ৰাজ্যত মনুষ্যৰ ক্ৰয়-বিক্ৰয় কৰে : সলগুৰিয়া সাধু আতা কিনে : সেৰেলু সইকিয়া সিদ্ধিবৰ ইহঁতে সমন্বিতে কুৰি গয়াই বেঁচে : মোহনক ৰূপ ছটকা। অতাৰ্থে সাখি টঙ্গচু ডেকা কলাই, ধুনিয়া টেকেলা, ১ ঘৰফলিয়া, পিথু ১, টোপ ১, দুপৰিয়া সইকিয়া, বহুবাস, ১ চৰাচোৱা, জীউৰাম ১, চৰাৰ দলই, চাবৰ ২, নাথ ১, আৰু অনেকো আছিল: আঙ্গুলি কতপা॥ সভাৱৰি তামোল পাণঃ ৰামৰথ কাকতিৰ তামোল-পাণ, গামোছাখন।’’
১৭৯৯ ৰ তাম্ৰপত্ৰৰ গদ্য : শ্ৰীশঙ্কৰ দেৱৰ বটদ্ৰৱা স্থানৰ নামঘৰতে মৃত্তিকাৰে পৰা সলগুৰিয়া শ্ৰীৰামচৰণ আতাৰে নৰো আৰ শ্ৰীৰামদেৱ আতাৰ বিবাদ জন্মিলত শ্ৰীদেৱে কুঞেগঞা ৰাজমন্ত্ৰি শ্ৰীপুৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰিয়কে সন্দিকৈৰ শ্ৰীভদ্ৰকান্ত বড়বড়ুৱাকে সুধিব দিলত দুয়ো জনাই দুয়ো মহন্তক সাক্ষাত কবি সুধি স্থানৰ ঠাইলৈকো। লম্বো দোলাখৰিয়া বড়ুৱাকে চাউডাঙ্গণ বিদ্ধ সইকিয়াকে বড়বড়ুৱাৰ টেকেলা বড়া চকৰ ধৰা হেমোদৰকে পঠাই স্থানৰ সমিপৰ মহন্ত ভকত চহৰিয়া দুয়ো ভাগৰ কেৱলিয়া আশ্ৰমি ভকত এই সকলকো একত্ৰ কৰি দুয়োজনা আতাক আগত লৈ সোধাত সেই সকলেও পূৰ্ব্বীয় ৰাজাসকলৰ সিদ্ধান্তানুসৰি স্থানৰ মাটিৰ সিসা দেখাই পদসিলা মাটি দুয়ো ভাগে সমে পাই বুলি ক’লত নৰো আতাই গাত বলেৰে সজা নাম ঘৰটো সৰাগুৰিয়া আতাৰ ভাগৰ খুটাৰ ভিতৰত মাটি পৰিলত সোধাত নৰোআ আতা ঘাটিলত সলগুৰিয়া আতা