পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুৰঞ্জীৰ গদ্য আৰু জাতি-জন্মৰ গদ্য

সকলক নানা বৰ্ণ-চিহ্ন দি পৰ্ব্বত-পাহাৰলৈ খেদিলে। সেই লগতে লৰা-ৰজাক যতো তুলি ডাঢ়ি খুৰাই নৰা-মূৰা কৰি খেদিলে : এতেকে নৰা-ৰজা বোলে। সেয়ে পূৰ্ব দিশত শ্ৰীলোহিত্যৰ সমীপত পৰ্ব্বতত ৰজা হল। পাছে তেওঁৰ বংশতে তিনটা চক্ষু মহা তেজস্বী এনে এটা ৰজা হল। কছাৰী জয়ন্তা চুটিয়া এইসকলে কৰ-ভাৰ দিছিলে নৰা ৰজাকে। স্বৰ্গদেৱেও হাতী দুটা নৰা ৰজাকে দিছিল। .. পূৰ্ব্ৱে নৰা ৰজাকে মানতৰ'য়ে কৰ-ভাৰ দি আছিল। ..পাচে নৰা ৰজাও সন্তোষ হৈ মানতৰা জীয়েকক বিবাহ দিলে। মানতৰা কুলত যুগী।”

 জয়ন্তা ৰজাৰ জন্মকথাৰ গদ্য : “পূৰ্ব্বে জয়ন্তাপুৰত যুধিষ্ঠিৰৰ দিন ধৰি ব্ৰাহ্মণ ৰজা অনেক হৈ গল। যুধিষ্ঠিৰ ৰাজাই যি কালত ৰাজসূয় যজ্ঞ কৰিলে, সেই কালত যজ্ঞৰ নিমিত্তে চাৰি দিশক প্ৰতি ভ্ৰাতৃকলক পঠালে। ভাতৃসকলেও চাৰিদিশক যিনি ধনসকল আগ্ৰহকৈ আনিলে। সেই বেলা ইন্দ্ৰসেন ৰায় ভীমৰ ঠাই নগল। ভীমেও ব্ৰাহ্মণ মনে জানি নামাৰি চোচোৰালে। ব্ৰাহ্মণ ৰজাৰ অণ্ড ছিগিল। সেই কাৰণে জয়ন্তা ৰজাৰ খাচি নাম থাকিল। সেই ঠাইকো অদ্যপি খাচিপুৰ বোলে। জয়ন্ত ৰজাৰ লিখা : প্ৰথমে বৰ গোহাঁই ৰাজা বিজয় মাণিক; পৰ্ব্বত ৰায় : ধন-মাণিক : যশমাণিক : সুন্দৰ ৰায়: যশোৱন্ত ৰায়: ৰাণাসিংহ : লক্ষ্মীসিংহ : প্ৰতাপসিংহ। সৰু কোঁৱৰ: বৰপীতি।”

⸻⸻


ৰাজকীয় পত্ৰ, মানুহ বেচা আৰু

পেৰা-কাকতাদি

১৫৫৩ ত মহাৰাজ নৰনাৰায়ণে (১৫৪০- ৮৪ ) খোৰা ৰজা চুখামফালৈ (১৫৫২-১৬৩০ ) দিয়া ১৪৭৬-৭৭ শকৰ (১৫৫৪ খৃঃ) পত্ৰৰ গদ্য : “লিখনম্ কাৰ্য্যম্৷ এথা আমাৰ কুশল। তোমাৰ কুশল নিৰন্তৰে বাঞ্ছা কৰি। এখন তোমাৰ-আমাৰ সন্তোষ-সম্পাদক পত্ৰাপত্ৰি গতায়াত হইলে উভয় মুকুল প্ৰীতিৰ