পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


তাক লেখাইছোঁ৷ অতি পণ্ডিতে হঠাৎকাৰ দোষণ নধৰিবা। ধৰিলে দোষণ বিস্তৰো পাই। এই শ্ৰীশ্ৰীতুঙ্গখুঙ্গীয়া দেৱৰ বংশাৱলী ফাল্গুন মাস ২২ দিন যাওঁতে বৃহস্পতিবাৰে পঞ্চমী তিথিত বুৰঞ্জী লেখায়।”

 এইদৰে সাধাৰণভাৱে ষোড়শ শতিকাৰ মাজ ছোৱাৰ পৰা উনবিংশ শতিকাৰ আগ ছোৱালৈ বুৰঞ্জী গদ্যৰ এটি আভাস পোৱা হল। ইয়াৰ উপৰিও আহোমৰ বিবাহ-পদ্ধতি সম্পৰ্কীয় গদ্য, আহোম ৰজাৰ মৈদাম বিষয়ক গদ্য আদিত আহোম তথা অসমীয়া সামাজিক বুৰঞ্জী; জয়ন্তা, চুটিয়া, নৰা ৰজাৰ আদিৰ জন্ম-কথা আদিত সেইবোৰ জাতিৰ উৎপত্তিৰ বিৱৰণ পোৱা হয়।—

 চুটিয়া ৰজাৰ উৎপত্তিৰ গদ্য : “পূৰ্বে ১১১১ শকত ভীষ্মক ৰজাৰ বংশৰ বীৰপাল নামে একজন আছিল। তাৰ ভাৰ্য্যাৰ নাম ৰূপৱতী। দৈব দোষত থাকি সোণগিৰি পৰ্ব্বতৰ আগৰিত প্ৰবেশ হইল। তাতে ৬০ ঘৰ চুটিয়া আছিল। তাৰ ৰাজা নাই। তাৰে মাজত হই কিছুদিন থাকি বীৰপালে জয়পাল নাম ললে। তাৰ আজ্ঞাৰে এই ৬০ ঘৰ চুটিয়া প্ৰবৰ্তি আছিল। তাৰ ভাৰ্য্যা ৰূপৱতীয়ে কুবেৰক উপাসা কৰিছিল পুত্ৰ কামনায়; একদিন ৰূপৱতী মাকৰ ঘৰৰ পৰা আহোঁতে কুবেৰৰ বীৰবৰৰ বেশ ধৰি তায়ে সৈতে সংসৰ্গ হল। পাচে কুবেৰে বীৰবৰক মাতি স্বপ্ন দেখালে : মোৰ বীৰ্য্যে ৰূপৱতীৰ গৰ্ভত শুভক্ষণে গুন উপজিব। সেয়ে ৰাজ্যত ৰজা হব। তাৰ সমস্ত সম্পত্তি হব। ৰূপৱতীক তই নশপিবি : সষ্টমে ৰাখিবিঃ তয়ো সষ্টমে ৰবি: নতুন ঘৰ কবি ৰূপৱতীক থবি। যি গছৰ তলত ফাগুনৰ কৃষ্ণা চতুৰ্দ্দশীত দেওকৈ মোৰ উপাসা কৰ, কাইলৈ প্ৰাতঃকালে সেই গছৰ তললৈ যাবি : যি বস্তু পায় তাকে সেৱা কৰি থাকিবি। যি কালত অনাদৰত পৰ-হস্ত হই সেই কালত তোৰ পুত্ৰৰ ছত্ৰ-ভঙ্গ হব, ৰাজ্যকো পৰে লব; দেশান্তৰী হব। গছৰ তলত পোৱা দ্ৰব্যেৰে মোৰ পুত্ৰ অনেক যুদ্ধ কৰি মাৰি ৰাজা হব। এই বুলি কুবেৰ অন্তৰ্দ্ধান হল। পৰে বীৰবৰে চেতন পাই অদ্ভুত হেন জানি প্ৰাতহতে সেই গছৰ তললৈ গল। তাতে ঢাল-তৰোৱাল এযোৰা : সেই ঢালৰ তলতে সুৱৰ্ণৰ বিৰলী এটা পালে।.. দহ মাহৰ অন্তে শুভক্ষণত পুত্ৰ জন্মিল। নাম থলে গৌৰীনাৰায়ণ।”

 নৰ ৰাজাৰ কাহিনীৰ গদ্য: “সপ্ত দ্বীপেশ্বৰ সগৰ ৰজায়ে ম্লেচ্ছ ৰজা