পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
বুৰঞ্জীৰ গদ্য আৰু জাতি-জন্মৰ গদ্য

 সাঁচিপাতত লিখা চক্ৰধ্বজসিংহৰ (১৬৬৩-৭০) কাললৈকে থকা ঘটনাৰ এখন আহোম বুৰঞ্জীৰ গদ্য : “এই কথা শুনি ফ্ৰাচেংমুং আহিল, সেই লগতে ৰূপ সন্দিকৈও আহিল। দুয়ো ৰজাক সেৱা কৰিলেহি। পাচে ৰজা ফ্ৰাছেং মুঙক বুলিলে, “তঞি লৰাক শিখাই-বুজাই থাকগৈ। পাচে ৰূপ সন্দিকৈএ বাৰু সেৱা কৰি সদিয়ালৈ গ’ল।’’ ৰুদ্ৰসিংহৰ (১৬৯৬-১৭১৪) কাললৈকে বৰ্ণোৱা আন এখন সাঁচিপতীয়া পুথিৰ গদ্য : “স্বৰ্গনাৰায়ণদেৱ মহাৰাজাৰ জন্মচৰিত্ৰ। পূৰ্বে বশিষ্ঠ মুনিএ দিখৌ নদিৰ আগৰিত বাৰাণসি তুল্য পৱিত্ৰ ক্ষেত্ৰত নিৰ্ব্বাস কৰি পুৰশ্চৰণ কৰিবৰ ইচা কৰিলে, নদিৰ উজনি দেশত জলৰ সমিপত ১০০০ এক হাজাৰ শালগ্ৰাম পুতিলে।”

 ত্ৰিপুৰা দেশৰ কথা (১৭১৪) : “শ্ৰীকৃষ্ণায় নমঃ। ৰত্নকন্দলী অৰ্জ্জুন এই দুই কটকীয়ে লেখা ই ত্ৰিপুৰা দেশৰ কথা। ৰুদ্ৰসিংহ মহাৰাজা দেৱতায়ে জয়ন্তা কছাৰী দুই দেশক মাৰি পাছে বঙ্গালৰ দেশক মাৰিবলৈ উদ্যম কৰিলে। পাছে তাৰ দেশৰ মৌৰঙ্গৰ ৰজা; বাণ বিষ্ণুপুৰৰ ৰজা; নদিয়াৰ ৰজা; বৰ্দ্ধমানৰ কীৰ্ত্তিচন্দ্ৰ জমিদাৰ : বৰ নগৰৰ উদয়চন্দ্ৰ জমিদাৰ; এই সকলৰ ঠাইক বৰ্জ্জকুমাৰ নামে মানুহ পঠাই সিহঁতৰো মানুহ অনাই বৰফুকনে মানুহত জনোৱা ৰূপ কৰি সিহঁতৰ মানুহক মহাৰাজাৰ ঠাইক আনি সেই ৰজা জমিদাৰ সকললৈ বস্তু প্ৰসাদ দি হিতে প্ৰীতিপূৰ্বক পাত্ৰ দি আমাৰ মানুহ সঙ্গত দি সিহঁতক পঠাই দিলে। এই ক্ৰমে মনুস্য গতায়াত কৰাই সেইসকলক বশ কৰি লৈ পাচে সেই সকললৈ কৈ পঠালে বোলে আমি হিন্দু ধৰ্ম্মস্থ ৰজাসকল বিদ্যমানে থাকিতে যৱনে ধৰ্ম্ম নষ্ট কৰে : এই কাৰণে সকলো এক বাক্য হইয়া যৱনক নিগ্ৰহ কৰি ধৰ্ম্ম ৰক্ষা কৰিলে যি মান হয় তাক তেওঁৰ জ্ঞাত আছে।” এই ৰূপে সকলোৰ ঠাইক মানুষ পঠাই জনালে। সিহঁতেও অনুমোদন কৰিলে।”

{{gap}তুঙ্গখুঙ্গীয়া বুৰঞ্জীৰ (আৰম্ভ, মাৰ্চ ৬, ১৮০৪) গদ্য : “সোতৰ শ পঁচিশ শকত দুৱৰা জনা বৰবৰুৱাই লেখোৱা বুৰঞ্জী। আৰু ৰহস্যে ৰাখিবা। মন নাপালে পুত্ৰকো নিদিবা। অবৈৰ মিত্ৰ হলে তাক দেখাবা। ৰাজাৰ বিশ্বাস ভঙ্গা পণ্ডিতৰ বাধা। আৰু বিশ্বাস ভাঙ্গিলে মাতৃ-পৰিহাস পাপে পায়। হেন জানি বিশ্বাসে ৰাখিবা। বিশেষত অগাধ শাস্ত্ৰ, আৰ কোনে অন্তক পায়? মহা মহা মুনিয়ে যাত মহা মোহক পায়। তথাপি মতি অনুসাৰে যিমান পায়