পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

ইয়াৰ প্ৰায় তিনি শ বছৰৰ পাছত লিখা তুঙ্গখুঙ্গীয়া বুৰঞ্জীৰ গদ্য: “আমাত যি কৈছে উত্তম কৈছে। আমাৰ ৰাজ্যনাশ, বনবাস : এই কথা আমাতে মিলিছে।’’ বা দাঁতিয়লীয়া বুৰঞ্জীৰ গদ্য : “কাঠৰ গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব; মই কথাৰ গড় বান্ধি দিছো, প্ৰাণ পৰিভুগী হব।” “মই হাতে তিল কুশ লৈ বিশ্বনাথ ক্ষেত্ৰত হাত জুবুৰিয়াই কবুল কৰিছোঁ, লাউ তল যাব, শিল উপঙিব, কোৱা বগা হব, বগ কলা হব, আৰু ব্ৰহ্মপুত্ৰে উভতি গতি কৰিব, তেৰে মোৰ কবুল ছাড়িব।”—প্ৰভেদলৈ লক্ষ্য কবিৰ লাগিব : প্ৰথমৰ উদ্ধৃতিৰ গদ্যখিনি যেন ঠৰঙা-ঠৰঙা, জঠৰ; আৰু পাছৰ- খিনি যেন ৰৈ যাব খোজা, গতিশীল। এনে অনুমান মনলৈ আহে।

 চুহুংমুং বা দিহিঙীয়া ৰজায়ে (১৪৯৭-১৫৩৯) জয়ে জয়ে স্বৰ্গনাৰায়ণ উপাধি লোৱা ঘটনাই তেওঁৰ হিন্দুৱানী মনোবৃত্তি স্পষ্টভাৱে দেখুৱায় বুলি কব পাৰি। আহোম ৰজাসকলৰ উৎপত্তিত আৰম্ভ কৰি চুতিয়া ৰাজ্য আৰু ধনসিৰি লৈকে ১৪৪৮ শকত কছাৰী ৰাজ্য আহোমে অধিকাৰ কৰা কথালৈকে লিখা থকা “স্বৰ্গনাৰায়ণ মহাৰাজাৰ আখ্যান’’ বোলা বুৰঞ্জীখন ঘটনাৰ শেষ কাল ১৫২৬ত লিখা আৰু এইখনেই আহোমবিলাকে অসমীয়াত লিখা প্ৰথম বুৰঞ্জী আৰু ওপৰত উদ্ধৃত কৰা বুৰঞ্জীখন দ্বিতীয় বুলি অনুমান কৰা হয়। এই অনুমানৰ ভেটি শকত বুলিব নোৱাৰিলেও দৃঢ়তৰ প্ৰমাণৰ অভাৱত ষোড়শ শতিকাৰ মাজভাগকে অসমীয়া বুৰঞ্জী গদ্যৰ জন্মকাল বুলি ধৰিব লাগিব। “স্বৰ্গনাৰায়ণ মহাৰজাৰ আখ্যানৰ” আৰম্ভণ। “সৌমাৰ পীঠৰ পূৰ্ব্ব দিশে দিখৌ নামে নদীৰ তীৰত বশিষ্ঠ মহাঋষিয়ে পবিত্ৰ মনোৰম আশ্ৰম কৰিলে।”

 “অৰুনোদই’’ত ১৮৫০ আগষ্টৰ পৰা ১৮৫২ আগষ্টলৈকে ধাৰাবাহিক- ভাৱে এখন পুৰণি অসম বুৰঞ্জী ওলায়, তাৰ গদ্য : “কত দিন থাকি মাঙতৰাএ বড় কাপৰ এখন বটা ঢকা তঙ এখান স্ত্ৰীৰ শোণিতেৰে বোলাই অনেক চিত্ৰ সোণ-ৰূপৰ মলমা কৰি জীএকত কৈ নড়া ৰাজালৈ দি পঠালে, বোলে যেনে উপায়ে পাৰ বাপেৰে গাত লই হেন কৰিবি! পাচে জীএকে সেই কাপড় আনি নড়া ৰজাক দি বোলে কাপৰ দুখানি লবৰ নিমিত্তে জোৱাঞা দিছে। নড়া ৰাজা বোলে ভাল, লম।” ইয়াক অন্ততঃ ষোড়শ শতিকাৰ শেষ বা সপ্তদশ শতিকাৰ আগ ছোৱাৰ গদ্য বুলি ধৰা হয়।