পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


দেখি গুৰুজনে বোলে বৰাপো, মৰা মৈলে কিয় কান্দিছে? এ বোলে বাপ, যি হে মৰিছে সি জিয়াৰে পৰা মৰা, এই যি কান্দিছে ইও প্ৰায় মৰাহে। এ বাপ, পূৰ্বেই জীৱ বাজকৈ প্ৰকৃতি মায়াৰ হাতে দিলা আয়াযাতকৈ, ভু হৰাই অজ্ঞান ভুলত পৰি মৰাকে লাগি মৰাই কান্দিছে আপুনাৰ মায়াত। বোলে বৰাপো, আমাৰো কান্দা এফেৰি। তেহে শ্ৰীমাধৱদেৱে আত্মাক মনে ধৰি পৰম গুৰু চৰণত বিনাই কান্দিছে কাকুতিকৈ, “কিমতে ভকতি কৰিবোঁ তোমাত হৰি এ, মই মুঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।” এই ঘোষা পটল কৰি বিনাই কান্দিলে। শুনি মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ শৰীৰ ৰোমাঞ্চ হৈ মঞ্জৰি দ্ৰবি দুই ধাৰা প্ৰেম জৰিব ধৈলে। বোলে বৰাপো, কি মোক অমৃত পিয়াই সন্তোষ কৰালা আজি।” (ঠাকুৰ আতাৰ চৰিত )

 “আৰু মাধৱ কন্দলীৰ কবিতা ৰামায়ণ ঢাকি তুচ কৈ চাবৰ মন দিলে অনন্ত কন্দলীএ। তেহে গুৰুজনত বিপ্ৰে স্বপ্নত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাছে গুৰুজনে বলে বৰাপো, তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাব যে খোজে, আমি ধৰোঁ গোৰত, তুমি হোৱা আগে। তেহে আদ্য উত্তৰা কৰিছে। কাপৰ গাৰি দৰে আগ-গোৰ সমে বল, উপদেশ আচু ফুল হল। আগে উপদেশ নাই, শুভ শুভহে আছিল আধ্যাত। ছোট আতা দিছে।... আৰু গীত কৰি গোটাই লিখিলে বাৰেও কুৰি, কমলা বায়নে নিলে আৱৰা- বলৈ। চত মহা বন পোৰা বতাহত ঘৰ পোৰাত পুইলে। গুৰুজনে খেদকৈ বোলে বাৰাপো, অনেক শ্ৰমকৈ গীতখানি কৈলোঁ পুইলে! গীত কিছু কৰাঁ, আমি নকৰোঁ। আৰু তেহে শ্ৰীমাধবদেৱে গুৰুবাক্য ধৰি কৰিছে। আতৈ সৱৰ মুখত ৰোৱা আগে-গুৰি ৰিহা-গাৰি ক্ৰমে দি মাজত চোট আতাই গীত কৈলে; নকুৰি এঘাৰটা বৰগীত, ছয় ৰসে চোধ-চাতুৰী।” (চোট অতি চৰিত্ৰ)

 এই কথা-চৰিতৰ এটা বিশেষ মন কৰিব লগা গুণ ভাষাৰ চুম্বক শক্তি; প্ৰায় সাথৰৰ দৰেই অতি চুটি বাক্য, চমু কথা; তাৰ ভিতৰতে অতি শক্তি- ধৰ৷ আন এটা গুণ, ইয়াৰ আচৰিতভাৱে আধুনিক বাক্য-ৰীতি, কৰ্ত্তা-ক্ৰিয়া আদি লেখকৰ ইচ্ছা বা সুবিধা অনুসৰি অগা-পিছা হৈছে; ব্যাকৰণৰ কটকটীয়া নিয়ম মনা নাই। ভৱানীপুৰীয়া গোপাল আতাৰ চৰিত্ৰত লিখিছে :