সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
পদ্য-গদ্য গুৰু-চৰিতাৱলী


ৰামচৰণৰ চিহ্ন-যাত্ৰাৰ বৰ্ণনা অতি বিতোপন, কিন্তু তাক সম্পূৰ্ণকৈ লেখকৰ নিজ ৰচনাত (১৪৫১-৮৬ পদ) উপভোগ কৰিবলগীয়া।

 উনৈশ শতিকাৰ, সম্ভৱ আগছোৱাৰ, কোনো অজ্ঞাত লেখকৰ এখন কথা গুৰু-চৰিত প্ৰকাশিত হৈছে। ইয়াতো পূৰ্ববৰ্তী এই চাৰিখন পদ-চৰিতৰ এখনৰো উল্লেখ নাই; কেৱল ভক্ত-পৰম্পৰা মুখে মুখে চলি অহা ধাৰ্মিক কিম্বদন্তীৰ ওপৰত ভিৰ দি ভকতীয়া ভাষাত এই কথা-চৰিতখন লিখা হৈছিল। শ্ৰী শ্ৰীমন্ত শঙ্কৰদেৱ জগত-গুৰু; চোট আতা (মাধৱদেৱ ), দামোদৰ, হৰিগুৰু পঞ্চিশ্ মহন্ত এই সৱত ধৰ্ম-বস্তু থৈ উনবিংশতি শত বহি বেহাৰে কাকতকুটাত পৃথিবী এৰি নৰ-দেহা সম্বৰণ কৰি বৈকুণ্ঠে গলন্ত।’’ এই অনুক্ৰমে ভাষা আৰু ৰচনা-ৰীতি অলপ প্ৰাচীন-গন্ধী। তদুপৰি, সাহিত্যৰ বুৰঞ্জীৰ ফালৰ পৰাও ইয়াত লেখত লব লগা কিছুমান সম্বল আছে।

 “একদিনা স্নান কৰি মহাপুৰুষ গুৰু এচলা শিল আছে বহাৰ মুখতে, তাতে বহি চুলি ফালিছে। দুই হাতে দুই হস্তে গা মচিছে। তেহে কন্দলিএ দেখি আশ্চৰ্য্য হুই পাৱত পৰিবলৈ যায়। পাচে দুই হাত ছদ্মকৈ বোলে; গুৰু, কি কৰাঁ?...তেহে পাঠশাল মচিবৰ নিবাৰ কৰি ওজা ছাত্ৰ পাতিলে। তাৰে পৰা ঈশ্বৰ বোধে মানে! সুৱাকে পাঠ দিয়ায়, দেউ বোলায়। তাকে নলৈ ছাত্ৰ ভাগি মাধবকন্দলিৰ শিষ্য বাঘ আচাৰ্য্যত কলেগৈ। পাচে আহি মহেন্দ্ৰ কন্দলিক ধৰিলেহি।...গুৰুজনে কৰি দিলে। বৈকুণ্ঠৰ পৰা পাত, কাপ, মহী, মৈদাম চাইটা বস্তু নমাইছে। আৰু শংখ অক্ষৰ শক্তি নমাই পদ্য কৰিলে খৰচৰ-নগধৰ, আকাৰ-ইকাৰ নাই, শুদা : অৰ্থে পৃথিবী পাতাল, বৈকুণ্ঠ, স্বৰ্গ ভেদি গল। অধ্যাপকে চাই তৈল লোণ নাই, শুদা ব্যঞ্জনৰ এনে স্বাদ, বিনা জৰু বন্ধন, আৰা শুদা শক্তি মনুষ্য নুহি, কিবা হৰি-হৰ ছদ্মে আছেহি। .....আৰু মাৰ্কণ্ডেয় পুৰাণৰ পৰা প্ৰথমে কাপ ধৰি হৰিশ্চন্দ্ৰোপাখ্যান কৰিছে চাৰি খুটা মাৰি সেৱকলৈ।”। বৈকুণ্ঠৰ চৰিত্ৰ )

 “আৰু একদিন শ্ৰীশঙ্কৰদেৱ বোলে নাৰায়ণ দাস, তোমাৰ নিচিনা এনে কেই ঘৰ আছে? বোলে বাপ, তিনি ঘৰি আছে।...বোলে পীতাম্বৰে কি কবিতা কৰে? বোলে “বিলাপ কৰি কান্দে দেবী ৰুক্মিণী। কোন অঙ্গে খুন দেখি নাইলা যদুমণি॥” এই কৱিতা কৰে। বলে সি শাক্ত, তামসিক, তাৰ কথা নকবা।...আৰু একদিনা বুৰী লুইতে যায় দুওজনা গুৰু ভক্তসমে।...