দুইখান ঠগিত দুই পুস্তক থৱন্ত।
দুগোটা সম্ফুৰা ভৰি তাম্বুল লৱন্ত॥৪৮॥
ডাহিনৰ সম্ফুৰাৰ ভূঞ্জি তাম্বুলক।
ঠগিৰ পুস্তক মেলি পঢ়ন্ত শ্লোকক॥
তেনমতে ৰামৰো পুস্তক মেলি চান্ত।
প্ৰভাতে উঠিয়া পুনু পঢ়াশালি যাস্ত॥৪৯॥
ব্যাকৰ্ণ পঢ়িয়া চৈধ্য শাস্ত্ৰক পঢ়িলা!
পুৰাণ ভাৰত ৰামায়ণে বখানিলা॥
পঢ়িলন্ত নিৰন্তৰে যত কাব্যকোষ।
গুৰুৰ মনত মহা পৰম সন্তোষ॥৫০॥
দৈত্যাৰিৰ প্ৰাক্ শঙ্কৰী অসমীয়া সমাজৰ ধৰ্মমূলক অৱস্থাৰ বৰ্ণনা :—
ই দেশত পূৰ্বকালে নাছিল ভকতি। |
নানা ধৰ্মকৰ্ম লিকে কৰিল সম্প্ৰতি॥৮॥ |
ৰামানন্দৰ পীতাম্বৰ কবিৰ বৰ্ণনাটি :—
শঙ্কৰ বদতি নাৰায়ণ শুনিয়োক। তৈত কোন আছে হৰি-পৰায়ণ লোক॥
নাৰায়ণ কহন্ত তান নাম পীতাম্বৰ। কৰিছন্ত পদ তেন্ত দশম স্কন্ধৰ ॥৮০১॥
শঙ্কৰে বোলন্ত নাৰায়ণ মহাশয়। তাহান কবিতা মুখে আসে কি নাসয়॥
নাৰায়ণ ঠাকুৰে পাছে গাইবাক লাগিলা। যেন মতে ৰুক্মিণীয়ে কৃষ্ণক
ভাবিলা॥৮০২॥
শুনিয়া বোলন্ত আৰ গাইবে-নলাগয়। গৰ্ব পৰ্বতত সিতো উঠিয়া আছয়॥
ধৰ্ম ধৰিবাৰ সিতো নোহে যোগ্য লোক। আন কোন আছে নাৰায়ণ
কহিয়োক॥৮০৩॥