পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
অসমীয়া সাহিত্যৰ অধ্যয়ন


তৰঙ্গাকুল সংসাৰ-সমুদ্ৰত জীৱনৰ তুলুঙা নাও বাগৰি বাগৰি ফুৰি কাষ চাপিব নোৱাৰে; তেনে অৱস্থাত ভক্তই প্ৰাণৰ কাতৰে ঢৌ দেখি হালে-জালে গা হে কলীয়া, কাষত চপাই দিয়া নাও” বুলি গাওঁতে, জীৱনৰ বাটে বাটে চিৰকাল সেই ধ্বনিয়েই ওপঙি ফুৰিছে—“কাষত চপাই দিয়াঁ নাও!”

“সেউতী ফুলে, মালতী ফুলে।
গুটিমালী ফুলৰে, দুফালে দুশাৰী, তাৰ মাজে মুকুতা জ্বলে,
হে যমুনা, বয় কদমৰ তলে।”

আদিত প্ৰাকৃতিক বৰ্ণনাও সামান্য ৰূপহ নহয়।

 কৃষ্ণ-নামৰ উপৰিও “ভঙুৱা শঙ্কৰ” আৰু ৰামচন্দ্ৰ গোসাঁই বিষয়ক নামবোৰো আছে। “ধুমুৰ্ ধুমুৰ্ ঔ! খুন্দে ভাঙৰ গুড়ি” আদি ঘোষাৰ ঘৰুৱা ভাব-ভঙ্গীৰ লগতে আন আন ঘোষাৰে সেই চৰিত্ৰৰ মহত্ত্বও শ্ৰেষ্ঠতমৰূপে প্ৰকাশিত হৈছে। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বিষয়ক নামত “ৰাম ৰাম ৰঘুনন্দন। বালিক বধিলা প্ৰভু কি কাৰণ॥” আৰু “ৰামচন্দ্ৰ গোসাঁই তুমি অকাৰ্য্য কৰিলা। সীতা মাতৃ গৰ্ভৱতী বনতে এৰিলা॥’’ প্ৰকৃততে দুটি ডাঙৰ অভিযোগ। ইফালে লোকৰ ভ্ৰাতৃ-কন্দলত অনধিকাৰ চৰ্চ্চা আৰু নিৰ্দ্দোষ বালিক বধ কৰা, আৰু সিফালে এবাৰ অগ্নিত পৰীক্ষা কৰি অনা গৰ্ভৱতী সীতা- শান্তিৰ পুনৰ বনৰাস; শ্ৰীৰাম চৰিতৰ এই দুটি বিশেষকৈ ভাবি চাব লগা ঘটনাও। এই ঘোষাবোৰত অকল অনুভূতিৰ ফালৰ পৰা লক্ষ্য কৰি ভক্তৰ হৃদয়ে এনে নিমৰমিয়াল কাৰ্য্যৰ মুকলি প্ৰতিবাদ কৰিছে। কিন্তু, এই প্ৰতিবাদ নিশ্চয় কঠোৰ নহয়, কেৱল কৰুণ আৰু কাতৰ। আকৌ,

“মৰিল বালি মৰিল, ৰামৰ শৰত পৰি।
কিষ্কিন্ধ্যাত পৰি কান্দে তাৰা পটেশ্বৰী॥”
“ৰামে বোলে লক্ষ্মণ ভাই, সীতা কলৈ গল।
দন্দুকা বনতে পৰি, ৰাম মূচ্ছা গল॥”

ইয়াৰ উপৰি নাম-মাহাত্ম্যমূলক গীত আদিও “কানাই ফুলে পাৰে ইডালি