পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
দিহা নাম—ঘোষাৱলী

‘আমাৰে কৃষ্ণাইক ক'তে দেখিলা? ‘চাৰে বৃন্দাবনে ধেনু’।
‘শ্যাম কানু চাৰে বৃন্দাবনে ধেনু, কানু, হাততে মোহন বেণু।’

ইত্যাদি ইত্যাদি কেৱল বাৎসলা-প্ৰেমৰ উমি উমি কাপ লাগি ভক্ত-হৃদয়ৰ বৰফ-পৰ্বত ভাগি-ভোঁহৰি আহিছে। কিন্তু সৌন্দৰ্য্য-ব্যঞ্জনাই এইবোৰত চৰম সীমা ছুইছেগৈ য’ত ভক্তসকলে গোপীসকলৰ দৰে নিজে কৃষ্ণ-বিৰহ কুণ্ড ৰচি তাত নিমজি গৈছে—

“বৃন্দাবনৰ মাজে গোসাঁই আছিলা লুকাই।
ভালেহে গোপিনী কান্দে বিচাৰি নাপাই॥’’
‘সেইখিনিতে আছিলা, তেও দেখা নিদিলা!
প্ৰাণৰ যদুৰায়, কিয় দিয়াঁ ভকতক দুখ হে?’’

 নাম-ঘৰবোৰত মুখা-মুখিকৈ শাৰী পাতি বহি জন্মাষ্টমী আদি ঘাই তিথিবোৰত ডেকা-বুঢ়া সকলোৱে মিলি চাপৰি বা ভোৰ তালৰ লগত প্ৰাণৰ আবেগেৰে গোৱা এই দিহা নামবোৰ শুনিলে হৃদয় দ্ৰৱীভূত নহৈ নোৱাৰে। ভক্তৰ হৃদয়-বৈকুণ্ঠৰ এই দুৰ্লভ পাৰিজাতবোৰ ৰূপে-গুণে কি অনুপম বস্তু, তাক তেতিয়াহে বুজিব পাৰি। ঘাইকৈ একেটা ঘোষাকে প্ৰশ্ন আৰু উত্তৰ ৰূপে ভাঙি, আকৌ তাকে সলনা-সলনি কৰি আন্তৰিক অনুভূতিত তন্ময় হৈ গোৱা নামবোৰ আৰু আন কিছুমান গহীন গীত মাজ-নিশা বা শেহ নিশা শুনি প্ৰাণ বিস্ময়-মুগ্ধ হয়। এনে নামবোৰ আন আন মৌখিক গীত-কাব্যৰ দৰে অসমত ভিন ভিন ভাবে সিচৰতি হৈ আছে।

'ধৰ ধৰ কলীয়া, কলৈ পলায়।’
‘নধৰিবি নধৰিবি ৰাধাৰ জোঁৱাই।”
‘ৰাধাৰ পধূলিয়ে কোন কোন যায়?”
‘ৰুণুক-জুনুক কৰি নুপূৰ বজায়।’

ইয়াত নূপূৰৰ ৰুনুক-জুনুক শব্দই অঞ্চল কৃষ্ণৰ অস্ফুট যৌৱনৰ সঙ্কেতকে দিয়া নাই, তাৰ লগে লগে সাধকৰ হৃদয়ত কৃষ্ণই যি লুকা-লুকি খেলে তাৰ মোহন নৃত্যও চিৰকালৰ বাবে ধ্বনিত আৰু প্ৰতিধ্বনিত হব লাগিছে। আকৌ,