সেই মুহূর্ত্ততে শহুৰৰ পুতেক নাও মেলি আহিল। বা নাই, বতাহ নাই,
বৰ নে সৰু কথা নাই, হঠাতে নাৱে টুলুংভুটুং কৰিবলৈ ধৰিলে। তাতোকৈ
আচৰিত হবৰ কথা, নাও বুৰিল নে কি হল একো বাতৰি নিদিয়াকৈ
ডবা কোবাই ভাল খলকনিৰ মাজত লৰাৰ মেলৰ দৰে গীতৰ ওৰ পৰিল৷৷
তাৰ পাছতো আজি কত কাল গল, কিন্তু কোনােবাই যদি কেতিয়াবা
ঘূৰি সেই শহুৰৰ পুতেকৰ বাতৰি ললেহেতেন !!!
তেনেহলে, কিছুমান লগ-বান্ধ নথকা সদায় দেখা-শুনা কথাকে সামান্য প্রসঙ্গৰ সূতাৰে গাঁথি এই মনোৰম গীত মালিকাবােৰ ৰচা হৈছে। এই যে ভাব বা কথাৰ অসংলগ্নতা, তাতেই সিহঁতৰ অনুপম সৌন্দৰ্য্য, আৰু যি অযত্নত সিহঁতৰ জন্ম, তাতেই সিহঁতৰ অতুলন মাধুৰ্য্য সােমাই আছে। সংলগ্নতা আৰু যত্নৰ কাম যিমান সহজসাধ্য, অসংলগ্নতা আৰু অযত্নতাৰ কাম তেনে নহয়; সেইদেখিয়েই এই গীতবােৰৰ অনুকৰণত আমি কিছুমান মার্জ্জিত শিশুসাহিত্য ৰচনা কৰিব পাৰোঁ, কিন্তু লৰাই ওমলা নাম ৰচনা কৰা আমাৰ সাধ্যৰ অতীত বুলিয়ে কব লাগিব। অর্থাৎ, ফুল আমি স্ৰজিব নােৱাৰোঁ, কিন্তু কাগজৰ বা আন কৃত্রিম ফুল আমি গঢ়িব পাৰিবও পাৰোঁ; গতিকে এই অসংলগ্নতা আৰু অযত্নতাৰ অধিকাৰী কেৱল শিশুৱেইহে, আমি হব নােৱাৰোঁ। ইয়াৰ কাৰণ, আমি যি ৰাজ্যত থাকোঁ, শিশু সেই ৰাজ্যৰ প্রাণী নহয়; শিশুৰ ৰাজ্যই সুকীয়া। শিশু স্বপ্নৰাজ্যৰ প্ৰজা; এই ৰাজ্যৰ দুখ-সুখো সমাজিকৰ দৰেই। ওপৰৰ '’জোনবাই”ৰ গীতটিতে, জোনবাইক তৰা খুজিলে, নাপালে ; তাৰ হৈ আক্ষেপৰ চলেৰে এটি কথাৰ জানো কৰবাত ভূমিকা কৰা হল? ‘জোনবাই’ৰ লগত ছন্দ মিলাবলৈ এটি বা দুটি “হায় !”ৰতাে অসমীয়া কবিতাত একে অনাটন নাছিল! তাৰ পাছতে “হালধীয়া চৰাই” সন্ধিয়াও বাওধান খাবলৈ অহা এই স্বপ্ন-ৰাজ্যৰ বাৰে একো অস্বাভাৱিক নহল। তথাপি আচৰিত এয়েহে, তেনে আপুৰুগীয়া ধুনীয়া চৰাইটি ক’ত থাকিল বা কেনি উৰি গল, তালৈ কেৱে কাণ নকৰিলে। তাৰ গুণ বর্ণাই এটি “আহা!” বা সি উৰি যােৱাত “দেহি ঐ !” বুলি এটি হুমুনিয়াহ কাঢ়িবৰ আৱশ্যক বােধ কৰোঁতাও কেও নােলাল!
শিশু-স্বভাৱৰ সৌন্দৰ্য্যই এনে; সকলাে কথাই বিজুলীৰ দৰে তীব্র অথচ ক্ষণস্থায়ী হৈ দেখা দি সহজে লুকাই পৰে; যেন এখন সবাক চিত্রশাল,