সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


অশৰীৰী বাণী। তাৰ পাছত আন এটি প্ৰশ্নৰ উদয় হব পাৰে, সাহিত্যৰ বুৰঞ্জীত এই গীত-কাব্যবোৰৰ যুগ কেনেকৈ নিৰ্ণয় কৰা হয়? গুটীয়া এটা গীতৰ বিষয়তে ইয়াৰ মীমাংসা কৰা টান। আজি-কালিৰ কবিতা লেখকে পোনতে যেতিয়া এটা কবিতা ৰচিছিল, বা কেবা বাৰো কাটি-কুটি থকাৰ পাছত যেতিয়া সেই অৱস্থাৰ সামৰণি পৰিছিল সেয়ে তাৰ ৰচনাৰ কাল; তাৰ পাছত তাৰ আৰু সাল-সলনি কৰিবৰ বিশেষ কাৰো স্বত্ব নাথাকে। কিন্তু মৌখিক সাহিত্যৰ বেলিকা সেই কথা নাখাটে; এবাৰ এজনে গীতটো ৰচনা কৰি গোৱাৰ পাছত, সময় আৰু অৱস্থাৰ প্ৰভাৱত তাৰ সাল-সলনিৰ ইমান বঢ়া-বঢ়ি হয়গৈ যে মূল ৰচয়িতাজনে পাছত সেই গীত শুনিলে তাক নিজৰ ৰচনা বুলি হয়বা ভাবিবই নোৱাৰিলেহেতেন। গতিকে ইয়াৰ যুগে যুগে নতুন অৱতাৰ বা জোনৰ দৰে মৰি মৰি নতুন জনম বুলিও কব পাৰি; সেইবাবেই ইয়াৰ কাল-নিৰূপণ বিড়ম্বনা মাত্ৰ! বুৰঞ্জীমূলক গীতবোৰৰ বিষয়ে কব খুজিলে টানি-মানি কব পাৰি, এটা বুৰঞ্জীৰ ঘটনাৰ বৰ সৰহ এশ বছৰমানৰ ভিতৰতে সেই বিশেষ গীতটোৱে এটা গঢ় পাইছিল; অৰ্থাৎ জন-সাধাৰণৰ মুখে মুখে ঘূৰি ফুৰা উৰণীয়া ভাব এটাই সেইখিনি সময়তে, কেনেকৈ জানো, কিবা এটি আকাৰ ধাৰণ কৰিছিল।

 কোনো কাহিনী সজোৱা আৰু বৰ্ণোৱা কৌশলত অমায়িকতা গীত-কাব্যৰ আন এটি বিশিষ্টতা। কাচন কুঁৱৰী বা মণি কোঁৱৰ আৰু ফুল কোঁৱৰৰ গীতৰ কোনো আড়ম্বৰ বা দীঘল ভূমিকা নোহাৱাকৈয়ে আৰম্ভ হল—

“শঙ্কলদেৱ ৰজাৰে পুতেক মণিকোঁৱৰ, কোলাতে খতি-খুণ নাই।
এবেলা দোলাতে, এবেলা ঘোৰাতে, এবেলা খেড়ি খেলায়॥”
“শঙ্কলদেৱ ৰজাৰে, পুতেক মণিকোঁৱৰ হেৰাল পানীত পৰি।
শঙ্কলদেৱ ৰজাৰে, কাঁচন বোৱাৰী, থাকিল গলৰ জৰী॥”

 জনা গাভৰুৰ গীত আৰু বৰফুকনৰ গীত সৰস্বতী-তুতিৰে আৰম্ভ হৈছে যদিও, সেই তুতিৰ লগত গীতৰ কোনো তেজ-মঙহৰ সমধ নাই, আৰু ই গাওঁতাৰ জোৰা দিয়া কথা যেনেই লাগে, যদিও এই তুতিবোৰো অনাড়ম্বৰ আৰু অতি সৌন্দৰ্য্যপূৰ্ণ। জনা গাভৰুৰ গীতত আছে—