পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
জনা-গাভৰুৰ গীত—গীত-কাব্য


বুলি কব পাৰি; বা কলে, ইয়াৰ কেইবাটাও মূল-পাঠ থাকিব পাৰে বুলি কব লাগিব।

 তেনেহলে ঘূৰি আকৌ সেই আগৰ প্ৰশ্নলৈ অহা হওক—এই গীতকাব্য- বোৰৰ ৰচয়িতা কোন? সমিধান দিব লাগিব, এইবোৰ তেনেকৈ ৰচয়িতা নাই; সম্ভৱতঃ নাছিলেই; আৰু অগত্যা এজন ৰচয়িতাৰ নাম নকলে নহলে, যি জন লোকৰ পৰা গীতটি শুনি লিপিবদ্ধ কৰা হয় তেওঁকে তাৰ ৰচয়িতা বুলি ধৰিব লাগিব। বতাহত অপোনা-আপুনি বাজি উঠা কীচক ৰেণুৰ দৰে বা কমোৱা তুলাৰ দৰে এই গীতবোৰ যদি এনেয়ে উৰি ফুৰা সম্ভৱ হলহেতেন, তেনেহলে তেনে বুলিয়ে কব লাগিলহেতেন।

 এইখিনিতে এই গীত-কাব্যবোৰৰ এটি বিশেষ বৈশিষ্ট্য আৰু আধুনিক লীৰিক্স, বা গীতি-কাব্যৰ লগত ইয়াৰ পাৰ্থক্য লক্ষ্য কৰিব পাৰোঁহঁক। আজি-কালিৰ কোনো গীত বা কবিতাৰ লেখকত যদি আমি অভিন্নত্ব এটা নাই বুলি কেনেবাকৈ ঠাৱৰাবঁ পাৰিলো, সেইখিনিতে তেওঁৰ ফালে শৰাধ! বৰ্ণহীন বা বৈচিত্ৰ্যবৰ্জিত আৰু কৃত্ৰিম বুলি তেওঁক তাতে মোটোকা মাৰি থোৱা হল! কিন্তু 'বেলেড’ৰ বিষয়ত সেই কথা একেবাৰে নাখাটে; তাত ৰচয়িতাজনৰ কোনো সকামেই নাই; বৰঞ্চ আধুনিক গীত-লেখকৰ অভিন্নত্বৰ বিপৰীতে ৰচয়িতাৰ অশৰীৰীত্বহে বেলেডৰ এটি সৰ্ব্বপ্ৰধান গুণ। ইয়াত ৰচনা-কালত ৰচয়িতাৰ মনৰ গম-গতিৰ সমূলি আভাস পাবলৈ নাই, নায়ক- নায়িকাসকলৰ কথা-বাৰ্ত্তাৰ বাহিৰে ইয়াত প্ৰথম পুৰুষৰ প্ৰায় নাম-গোন্ধেই নাথাকে। ৰচয়িতাই ইয়াত কেতিয়াও মনস্তত্ত্বৰ ব্যাখ্যা দিবলৈ নিবিচাৰে আৰু নায়ক-নায়িকা কাৰো ফালে পক্ষপাতী হবলৈ নাযায়।

 আজিকালিৰ কবি-শিল্পীৰ দৰে গীত-ৰচয়িতাৰ কোনো আগলি-বাতৰি নাই; কোনো কথাতে তেওঁ ‘অভিনৱ’ বোলাব নোখোজ। সাধুটো কবৰ বাৰে যিখিনি কথা নকলে নচলে, তাকেহে তেওঁ কয়; আৰু তেওঁ যিখিনি কয়, সিও আটায়ে জনা-বুজা কথাই। মুঠতে তেওঁ ক’তো কোনো ‘বাহাদুৰি’ লবলৈ নিবিচাৰে; কিয়নো হয়বা তেওঁৰ হাত কোনো ‘বাহাদুৰি’য়েই নাই : তেওঁ যি গাইছে, তেওঁৰ লগৰীয়া আৰু দহজন তেনেকৈ গাবলৈ ওলাব পাৰিলেহেতেন। ইয়াত ৰচয়িতাজন জন-সাধাৰণৰ ছাঁটোৰ দৰে, জন-মতেই ইয়াৰ প্ৰাণ-বস্তু; গতিকে তেওঁ যেন এটি শৰীৰী কায়া নহয়, কেৱল এটি