পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
জন্ম-যাত্ৰা অঙ্ক—গোপালদেৱ


কিন্তু অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ নাটবোৰ সদায়ে এক অঙ্কৰহে। এই হেতুকেই সংস্কৃত নাটকৰ বিপৰীতে অসমীয়া অঙ্কীয়া নাটবোৰ ‘নাট’ বুলিহে খ্যাত, “নাটক’’ নহয়; এনে মতো কোনোৱে উনুকিয়ায়। অৱশ্যে “অঙ্কীয’’ শব্দ “এক অঙ্কীয়া’’ৰ চমুকৰণ বোলাৰ বাহিৰেও আন ব্যাখ্যা কোনো কোনোৱে দিয়ে। অকল এয়ে নহয়, “চিহ্ন যাত্ৰা” “জন্ম যাত্ৰা” আদিৰ “যাত্ৰা’’ শব্দটোত বহুতে হেচা দিব খোজে; সেইসকলৰ মতে এই শব্দটো সাধাৰণ ভাবত নচলি অকল “অপেৰা’’ বা গীতাভিনয় বোধতহে চলিছে। আন আন প্ৰমাণৰ ভিতৰত এই নাটবোৰত গীতৰ প্ৰাধান্য থকাও এই কথাৰ এটি বঢ়িয়া চিন।

 “জন্ম-যাত্ৰা” নাটৰ মূল আখ্যানটি শ্ৰীমদ্ভাগৱতৰ। হৰিবংশ বিষ্ণুপুৰাণ আদি অনেক পূৰ্ব্ববৰ্তী গ্ৰন্থ থাকোঁতেও “ভাগৱত-ফল’’হে বৈষ্ণৱসকলৰ ইমান হেঁপাহৰ ধন! ই “শুক মুখে আসি ব্ৰহ্মাণ্ডে ভৈল বিদিত”; আৰু ভাটোৱে মুখ দিয়া ফল সদায়েই সোৱাদ! ভূমিৰ ভাৰ হৰণৰ বাবে বৈকুণ্ঠৰ বিষ্ণুৰ শ্ৰীকৃষ্ণ ৰূপে আৰু দেৱতাসকলৰ গোপীৰূপে গোকুলত অৱতাৰ। শ্ৰীশঙ্কৰদেৱৰ “কীৰ্ত্তন’’ “দশম” আদিৰ পদৰ ভিতৰেদিও কৃষ্ণ-লীলাৰ এই বৰ্ণনা অতি মনোৰম হৈ প্ৰকাশ পাইছে। তাকে সুকীয়া উদ্দেশ্যেৰে, সুকীয়া আকাৰেৰে, বৈষ্ণৱ গোপাল আতাই সুৱলা ব্ৰজ-বুলি আৰু মনোৰম গীত-মাতেৰে এই নাটৰ ৰূপ দিছে। ভাৰতীয় নাটৰ সূত্ৰধাৰ আৰু গ্ৰীছীয় নাটৰ “ক’ৰছ’’ৰ মূলত কিবা ঐক্য আছে নে, প্ৰতি আলোচনাৰ ঠাই ইয়াত নাই; কিন্তু এই দুই দেশৰ নাট স্বাধীনভাবে উদিত হৈও কোনো কোনো বিষয়ত মিলে বুলি মুঠতে ক’ব পাৰি। সেইদৰে অসমীয়া বৈষ্ণৱ নাটত ব্ৰজ-বুলি ব্যৱহাৰৰ মূল লক্ষ্য যিটোৱেই হওক, তাৰ পৰা যে এই নাটবোৰৰ ৰূপত ৰহণ চৰিছে আৰু অসমীয়া সাহিত্যয়ো এটা পোহ পাই উপকৃত হৈছে, ই নিশ্চয়।

 বৈষ্ণৱ সাহিত্যৰ আন আন গ্ৰন্থৰ দৰে এই নাটবোৰৰ উদ্দেশ্যও সাহিত্য-সৃষ্টি নহয়, ধৰ্ম্ম-প্ৰচাৰহে। মহাপুৰুষসকল সকলো উপলক্ষতে মহাপুৰুষেইহে, কবি বা সাহিত্যিক নহয়; তথাপি এইসকলৰ অতি-মানৱীয় শক্তি আৰু সৰ্ব্বতোমুখী প্ৰতিভাৰ উজ্জলতাত বাঁওহাতে লিখা হলেও সাহিত্য স্বৰূপে তেওঁলোকৰ সকলো লিখনীয়েই সমুজ্জ্বল হৈ তিৰবিৰাই উঠে। অধিক কি, সাহিত্যৰ হকেই সাহিত্য সৃষ্টি কৰিবলৈ ওলোৱা সৰ্ব্বসাধাৰণতকৈ এওঁলোকৰ লিখনী সদায় ওখ