ভীমে বোলে শুন অৰে ভঙ্গুৱা শঙ্কৰ।
ততালিকে কথা দেখোঁ লৰে তহঁতৰ॥
এতিক্ষণে বোলে কুবেৰক ধৰি আন।
কিল-ভুকু বাটত মাৰিবি পাৰেমান॥
পাৰ্ব্বতীক চাহি বোলে দেখিয়োক আই।
তুমি পূৰ্বে কথা শুনি আছা সমুদাই।
এখনে জটীয়া দেখোঁ কি বোলে বোলয়৷.........
এইবাৰ কিন্তু শিৱয়ো নাহাঁহি নোৱাৰিলে, আৰু ভীমৰ দুষ্টালিৰ কথা বুজাই “কুবেৰক বান্ধ মেলি সাদৰী বচনে। পঠাইলন্ত মহাদেৱে আপোন ভৱনে॥”
প্ৰায় এয়ে এই এখুদমানি কাব্যখনিৰ পৰিসমাপ্তি। ভাব, ভাষা আৰু ব্যৱহাৰ আদি সকলো বিষয়তে আধুনিক গঢ় আৰু ৰুচিৰ লগত ইয়াৰ কথাবোৰ খাপ-খোৱা আৰু অনুপম। আদিৰ পৰা অন্তলৈ ভীমৰ চৰিত্ৰত এক সুবিমল হাস্যৰস ছটিওৱা আছে। মূল মহাভাৰততো ভীম সচাকৈয়ে শেষলৈকে এটি সৰল, ওখ, আৰু নিষ্কলঙ্ক চৰিত্ৰ, আৰু মহত্ত্বত যুধিষ্ঠিৰ অৰ্জ্জুন আদিতকৈ কোনো গুণে হীন নহয়। অথচ সকলোৰে ভিতৰত ভীমৰ প্ৰতি সহানুভূতি আৰু আকৰ্ষণ অধিক; অসমীয়া বৈষ্ণৱ কবিৰো ভীম সেইদৰেই নিৰুপম হৈ ফুটি উঠিছে।
বাঁহী, একবিংশ বছৰ, প্ৰথম সংখ্যা; বহাগ, ১৮৫৩।
বাঁহী, পঞ্চদশ বছৰ, ষষ্ঠ সংখ্যা; আহিন, ১৮৪৭।
⸺⸺
“জন্ম-যাত্ৰা” অঙ্ক—গোপালদেৱ
ভাৰতীয় প্ৰাদেশিক আৰ্য্য ভাষাসমূহৰ ভিতৰত অসমীয়া নাটৰ আৰম্ভণ যে সৱাতো আগ, এইটো নিখুত সত্য বুলি ধৰিব পাৰি। গতিকে ই আন আন কোনো প্ৰদেশৰ অনুসৰণ যে নহয় সিও সুনিশ্চিত। সম্পূৰ্ণ সংস্কৃত নাটকৰ আৰ্হি বুলিবলৈও সংস্কৃত নাটক সাধাৰণতে পাঁচ বা ততোধিক অঙ্কৰ,