পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৫
ভীম-চৰিত—ৰাম সৰস্বতী


গাৱত নাহি তত। খেতিৰ চাউল খাইবে নাহি কপালত॥’’ এইবাৰ কিন্তু শিৱৰ অন্নহনি হল, আৰু চকুৰ পচাৰতে ধানত জুই লগাই দিলে। অঘটন দেখি লৰালৰিকৈ গৈ ভীমে অনেক যত্ন কৰিও তাৰ জুই নুমুৱাব নোৱাৰিলে; এদিন একেৰাহে সেই ধানত জুই জ্বলি থাকিল। তেতিয়া “কমণ্ডলু জলে নুমাইলাহা বনমালী। সি কাৰণে কিছু আহু কিছু ভৈলা শালী॥”

 ইয়াৰ পাছতো আৰু অনেক কাল গল; আৰু খৰি লুৰিবলৈ গৈ কুবেৰৰ ঘৰৰ “সুৱৰ্ণৰ কাঠি কামি ৰূপৰ মাড়লী। আজুৰি ভাঙ্গিলা ভীমে খবি লোৰোঁ বুলি॥ ” আদি অনেক অঘটন ঘটাই ভীমে কৈলাসত নিজ অস্তিত্বৰ সহাৰি বুজাই থাকিল। এদিন পাৰ্ব্বতীয়ে কুৱেৰক ধন খোজাত “নোহে তোমাসাৰ মন ধাৰ সুজিবাক” বুলি কুবেৰে আগৰ “টঙ্কা চল্লিশ হাজাৰ” “আজিকো প্ৰভৃতি সিটো নভৈল শুজন। খুজিলেও ভাঙ্গ খুন্দা জোকাৰে টোকন॥ সিটো দুঃখে মই ধন আশাক এৰিলোঁ॥’’ আদি কলে, আৰু কলে—

ধনপোতা যক্ষে আশা এৰিব নোৱাৰি।
খুজিলেক একদিনা ধন আগবাঢ়ি॥
টঙ্কিয়া মহেশে ভাঙ্গ খুন্দা ধৰি বাৰি।
দন্ত দুই সৰাইলেক তাৰে খুন্দা মাৰি॥
ডেকা-খোলা হুয়া সিটো আজিকো আছয়।
সমনীয়াজনে তাক দেখিয়া হাসয়॥
বৰ দুঃখ লাগে সিটো কথাক সুমৰি।
ধন নেদোঁ তোমাসাক বোলোঁ নিষ্ঠ কৰি॥
অন্যে ধন ধাৰে নিলে লাভে মূলে পায়।
ভঙ্গুৱাক ধাৰে দিলে সমূলে হেৰায়॥

 এই কথা ঘৰুৱা মেলত ওলালত মহেশে নিজে ধন ধাৰে বিচাৰি ওলাল; কিন্তু ভীমে ‘মই যাওঁ’ বুলি আগবাঢ়ি ততালিকে কুবেৰৰ কাষ পালেগৈ। তাৰ পাছত নানা অপমান কৰি কুবেৰক মূৰত যাঠি লাখ টকা বান্ধি দি লৈ আহি হৰ-পৰ্ব্বতীৰ আগত উপস্থিত কৰিলে। হাজাৰো হক, সখিয়েক কুবেৰৰ এনে দুৰ্গতি দেখি শিৱই ভীমক জ্বলি-পকি উঠিল। কিন্তু ভীম মনে মনে থকা লোক নে?—