পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

১২৬ অসমীয়া সাহিত্য অধ্যয়ন সুন্দৰ শৰীৰ মেঘ হাম। পীত বস্ত্ৰ অন্তি অনুপাম। প্ৰসন্ন বনন মনোহ। আয়ত লোচন ৰুচিক। শিৰত কিবীটি যত্নময়। তাৰ ৰশ্মি শোতে কেশচয়। জলে গণ্ড মন কুণ্ডল। প্ৰকাশে ই বৎস বক্ষস্থলে। কত কৌস্তুত নৱ সূৰ্য। প্ৰলম্ব বল অষ্ট ভূজ॥ কেদূৰ কঙ্কনে সুশোভিত। বনমালা আপাদম্বিত। পদ দুই পঙ্কজ কান্তি। পাসি ভৈল অঙ্গুলীৰ পান্তি। জলে অতি নৎচন্দ্ৰ চয়। কৰ প্ৰকাশে হৃদয়। “শ্ৰীকৃষ্ণ বৈকুণ্ঠ-প্ৰোণত “কৃষ্ণ সূৰ্য অস্ত যাবৰ বেলিকা সেই দিব্য চতুভুজ ৰূপধাৰণ— দেহ জ্যোতি জ্বলে দিশ পাশ। বিধুম বহিৰ যেন প্ৰকাশ | নৱ মেঘ যেন শাম আকৃতি। তাতে পীতবস্ত্ৰে কবে দীপিতি। বদন পঙ্কজে আছে প্ৰকাশি। নুগুচে সদায় ঈষত হাসি। প্ৰকাশে কপালে অপকা পান্তি। পদ্মক নিবে নখ নৱ কান্তি। কিৰীটি শিৰে সম নাহি তুলে। কৰ্ণত মকব কুণ্ডল দোলে। আজানুলম্বী চাৰু চাৰি হাত। কেয়ুৰ কঙ্কণ প্ৰকাশে কাত। অলিগণক দেখন্তে তুষ্টি। বময় পিন্ধি আছে আঙ্গুঠী। কযুকণ্ঠে অতি কৌস্তুভ জলে। মুকুতা হাৰ শোন্তে উকস্থলে। গলত বনমাল কৰে কান্তি। হিয়াত জলে শ্ৰীবৎস পান্তি। কান্ধ নয় গুণ উত্তৰী পীত। বঙ্গণ মেখলা জ্বলে কটিত॥ নূপুৰে ৰঞ্জে পদ-প দুই। ভকতে যাক দেখি দুখী হই। যত্নেক অস্ত্ৰ চষ্ণ আদি কৰি। চৌপাশে উপাসন্ত মূৰ্তি ধৰি। এই সকলোবোেৰ বৰ্ণনাই একে, অথচ প্ৰতিটিয়েই নবীন আৰু মধুৰ। বিৱৰ্তনবাদীসকলৰ দৃষ্টিত দশ অৱতাৰ জীৱৰ দছোটি স্তব প্ৰতীক স্বৰূপ; সি যি হওক, শ্ৰীকৃষ্ণৰ ৰূপ-কল্পনা যে অতি ওখ খাপৰ আধ্যাত্মিকতাৰ সৃষ্টিৰ চিন, ইয়াৰ সমকক্ষ ৰূপ-কৰন যে জগতৰ কোনো জাতিৰ বুৰঞ্জীত পোৱা নহয়, সজ্ঞসকলৰ এই বিষয়ত হয় বা মতদ্বৈষ নাই। ঈশ্বৰে মানুহক নিজ আকৃতিত জন কৰিলে, হব পাবে; কিন্তু মানুহে যে ঘূৰাই