অসমীয়া সাহিত্যৰ অধ্যয়ন
মানুহৰ চোতালত মাধুৰী ফুটিলে, মানুহে নিচিনি হয়।
সাৰি তুলি ছিঙি মোহাৰি পেলালে, মানুহৰ মৰমো নাই!...
মানুহৰ নাও, মানুহৰ ভাও, দেখি যে লাগিছে ভাল;
মানুহ মিতিৰ বৰ মৰমৰ, পাতিছে কিহৰ জাল? -
"হাতো নেমেলিবি, ফুলো নিছিঙিবি, কৰে নাৱৰীয়া তই?
মানুহে ফুলৰ কি জানে আদৰ? তেজীমলাহে মই।"
আকৌ পাণেশৈ নামটিৰ দৰেই সেই সাধুটিও অভিনৱৰূপে বিতোপন। হাঁহকণীৰ পৰা ওলোৱা দিব্য কন্যা তাই, ইকৰা পাতৰ বঠাৰে ইকৰা পাতৰ নাও বাই পাণি-প্ৰাৰ্থী ককাইদেৱেকৰ পৰা পলাই সাৰিবলৈ ফুৰা ভনীটী:
“পাণেশৈ, পাণেশৈ, মোৰ ভনী পাণেশৈ, মোৰ ঘাটে চপাই দে নাৱ।
দুহাতে দুমুঠি দি যাম চাৰি মুঠি, ডিঙিতো পিন্ধামে হাৰ।
খাটলি পিৰাতে বহি ভাতে খাবি, বেটীয়ে ধৰিব আল'--
“ককাইদেউ, ককাইদেউ মৰমৰ ককাইদেউ, তোৰ ঘাটে নচপাও নাৱ।
দুহাতে দুমুঠি নলওঁ চাৰি মুঠি, ডিঙিতো নিপিন্ধো হাৰ।
খাটলি পিৰাতে বহি ভাতে নাখাওঁ, বেটীয়ে নধৰক আল।
আগেয়ে আছিলা মৰমৰ ককাইদেউ, এতিয়া হলাহি কাল *
“পাণেশই” সম্ভৱ “প্ৰাণেশ্বৰী”ৰ অসমীয়া ৰূপ; গতিকে তোলনীয়া ভনী হলেও “ককাইদেৱে” তাইৰ নাম সাৰ্থক কৰিবলৈ বিচাৰে। কিয়নো, “ভনীটীৰ দৰে তুমি লগৰীয়া, শুৱনী, লাৱণী! হৃদয়ত কিয় তেও বিন্ধি দিয়া, জীৱনি চাৱনি?” “কিন্তু ভনীটীয়ে সেই কথা ভাবে কেনেকৈ? কবি আনন্দ- চন্দ্ৰৰ কাপত “পাণেশই”ৰ নতুন জনম:
“পাণেশই গাভৰু ওলাই আহিছে উলাহে নধৰে হিয়া;
মাহ-সৰিয়হ মেলি-জুলি দিছে ককাইদেৱেকৰ বিয়া।...
ক'ৰ বুঢ়ীজনী আহিলি মাগনী মাহৰ একঠা খুজি?
আইচু পানেশই দিবনো কেনেকৈ বিয়াৰ বাতৰি বুজি!...
হায়, হায়, বুঢ়ী, কিনো তই ক'লি? উলাহ ভাঙিলি কিয়?
নুফুলোঁতে ফুল কলিতে ছিঙিলি, কিয়নো হলিহি ঠিয়?...