পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
অসমীয়া সাহিত্যৰ অধ্যয়ন


চণ্ডিদাস, আন নালাগে মৈথিলী কবি বিদ্যাপতিতো সেই পৰম শান্তি আৰু পূৰ্ণতাৰ ত্ৰুটি যেন দেখিবলৈ পোৱা হয়। মহাপুৰুষীয়া কবিসকলৰ সাহিত্যৰ পিছত যি এটি আত্ম-জয় আৰু আত্ম-অধিকাৰৰ চিন আছে, চণ্ডিদাস- বিদ্যাপতিৰ যেন সেই ঠাই আত্ম-পৰীক্ষাইহে জিনি আছে। ইয়াৰ দ্বাৰা অৱশ্যে কলাবিদ্যাৰূপে কাৰো ঠাইৰ আগ-পিছৰ কোনো ইঙ্গিত দিব খোজা হোৱা নাই, হয়বা সাহিত্য স্বৰূপে দুই শ্ৰেণীৰ সাহিত্যই নিজ নিজ ভাগত শ্ৰেষ্ঠ হব পাৰে। তথাপি সাহিত্য আৰু ধৰ্ম্মশাস্ত্ৰ উভয় ৰূপে “কীৰ্তন” আদি অসমীয়া বৈঞ্চৱ সাহিত্যই যে সাহিত্য জগতত শীৰ্ষস্থান অধিকাৰ কৰিবৰ যোগ্য, ই নিশ্চয়।

“চেতনা”, ১৯২০-২১। “বাঁহী’’, বিংশ বছৰ, দশম সংখ্যা; মাঘ, ১৮৫২।

( ২ )

 প্ৰাঞ্জল প্ৰশান্ত আৰু স্নিগ্ধ স্বভাৱেই ক্লাছিকেল সাহিত্যৰ ঘাই লক্ষণ। স্পষ্ট ৰেখাঙ্কন, ভাস্কৰ কলাৰ দৰে ক্লাছিকেল সাহিত্য-কলাৰো বিশেষ গুণ— শ্ৰীশঙ্কৰদেৱৰ মধুৰ ভাষাৰে কবলৈ হলে, ই “কষটিত যেন সোণাৰ ৰেখা॥’’ ৰমান্টিক বা নৱনস্যাসমূলক সাহিত্য, ইয়াৰ বিপৰীতে, চিত্ৰাঙ্কন কলাৰ দৰে বৰ্ণ-বৈচিত্ৰ্যপূৰ্ণ; এনে সাহিত্য-শিল্পীয়ে, চিত্ৰ-শিল্পীৰ দৰে তেওঁৰ লেখনী ছাতত লৈ শব্দ-চিত্ৰ আঁকোতে স্পষ্ট বেখাঙ্কনৰ বিপৰীতে বৰ্ণ-চাতুৰ্য্যলৈহে বিশেষ চকু ৰাখে, আৰু নানা বৰণেৰে তেওঁৰ লিখা চিত্ৰ-বিচিত্ৰ হলেই নিজক কৃতাৰ্থ বুলি ভাবে। মুঠতে কব পাৰি, ক্লাছিকেল শিল্পী দেৱ-মন্দিৰত আৰু ৰমান্টিক শিল্পী অৰণ্যত থাকে; দুয়ো নিজ নিজ ঠাইৰ পৰা আপোন মনেৰে সৌন্দৰ্য্য- সাধনা কৰে।

 ইংৰাজী আদি জগতৰ প্ৰায়বোৰ আধুনিক সাহিত্যই বিশেষভাৱে নৱন্যাসমূলক। এইদৰে অসমীয়া সাহিত্যও। সেই বুলি যে এইবোৰ সাহিত্য একেবাৰে ক্লাছিকেল সৌন্দৰ্য্য-বৰ্জ্জিত, এনে কথা কেতিয়াও নহয়; বৰ তাৰ মৰ্ম্ম এইহে যে বৰ্ত্তমান আমাৰ নৱন্যাসৰ লগত যিমান ঘনিষ্ঠতা, ক্লাছিছিজমৰ লগত সিমান নাই। যিহওক, শঙ্কৰদেৱৰ সাহিত্যৰ পৰা সম্প্ৰতি কেইটিমান বৰ্ণনা তুলি দি তাত ক্লাছিকেল সৌন্দৰ্য্যৰ লক্ষণ আৰু গৰিমাৰ কিঞ্চিৎ আভাস দিব পাৰি। ওপৰত দিয়া লক্ষণ-নিৰ্ণয়েৰে এই বৰ্ণনাবোৰলৈ চকু দিলেই সেই-