প্ৰচাৰ-কাৰ্য্য কেনেকৈ সমৰ্থন কৰিব পাৰি? ‘কলা-বিদ্যাৰ বাবেই কলা-বিজ্ঞাৰ
চৰ্চ্চা” বুলিলে এই দায়ৰ হাত সাৰিবলৈ অৱশ্যে উজু হলহেতেন; কিন্তু মূল
ভাগৱত বা অসমীয়া বৈষ্ণৱ সাহিত্য কলাবিদ্যা-চৰ্চ্চাৰ ফল নহয়। তথাপি
ইয়াৰ উদ্দেশ্যতে ইয়াৰ সমৰ্থন লাগি আছে; এই সকলো কাহিনী দেখাতে
শিক্ষামুলক। একে আষাৰতে কব পাৰি, “ৰাস-ক্ৰীড়া’’ৰ উদ্দেশ্য—“শৃঙ্গাৰ
ৰসে যাৰ আছে ৰতি। আকে শুনি হৌক নিৰ্ম্মল মতি॥” আৰু “হৰমোহন”ৰ
প্ৰতিপাদ্য বিষয়—“ঘোৰ নাৰী-মায়া সৰ্ব্ব মায়াতে কুৎসিত। মহাসিদ্ধ মুনিৰো
কটাক্ষে হৰে চিত॥ দৰশন কৰে তপ জপ যোগ ভঙ্গ। জানি জ্ঞানীগণে
কামিনীৰ এৰে সঙ্গ॥” ইয়াৰ উপৰি, বৰ্ণিত বিষয়ত নিৰ্লিপ্ততা, সকলো বিৰাট
সাহিত্যৰ দৰে, অসমীয়া বৈষ্ণৱ সাহিত্যৰো এটি ঘাইকৈ মন কৰিব লগা
কথা। এনে পুৰুষসকল পদুম পাতৰ দৰে, পানীত থাকিও নিতিতে; ছাঁয়া-ছবি
দেখাওঁতাসকলৰ দৰে তেওঁলোকে অতি জীৱন্তভাৱে সংসাৰ-চিত্ৰ দেখুৱায়।
কিন্তু সেইবোৰত তেওঁলোকৰ আসক্তি লেশ মাত্ৰ নাই, বৰঞ্চ অনাসক্তি
যোগৰ শ্ৰেষ্ঠতাকে তেওঁলোকে পাকে-প্ৰকাৰে প্ৰচাৰ কৰে। মহাকবি
কালিদাসে অমৰ নাট “শকুন্তলা”ত “অভিজ্ঞান”ৰ ছলেৰে এই নিৰ্লিপ্ততা বা
অনাসক্তিৰে প্ৰমাণ দিছে; দুষ্মন্ত-শকুন্তলাৰ অবৈধ প্ৰেমৰ ৰোমাঞ্চত নাট্যকাৰ
উটি যোৱা নাই।
পুৰণি প্ৰাচ্য সাহিত্যৰ শ্ৰেষ্ঠতা সম্পৰ্কে আৰু এটি কথা এইখিনিতে উনুকিয়াব পাৰি। ইউৰপীয় সাহিত্যৰ অনেক ঠাইত দেখিবলৈ পোৱা হয়, অতি সাধু সাত্ত্বিক আৰু কৰ্তব্য-নিষ্ঠ জীৱন যাপন কৰিও অনেক জীৱনৰ শেষ পৰিণতি বিষম হব পাৰে; এনে ঘটনা জীৱনোচিত সচা, কিন্তু অনেক সময়ত তাত কবিৰ ন্যায় বিচাৰে দৰ্শক-পাঠকৰ মনত যথেষ্ট প্ৰবোধ দিব নোৱাৰে যেন লাগে। মহাকবি শেক্সপীয়েৰৰ পিতৃ-ভক্তি আৰু কৰ্তব্য-পৰায়ণা কৰ্ডেলীয়াৰ নিচিনা নায়িকাৰ অন্তিম শোকাবহ হব লগা হলে, প্ৰকৃততে সহানুভূতিশীলজনক কিহেৰে বুজনি দিব পাৰি। কিন্তু ভাৰতীয় কবিসকলে পূৰ্বজন্ম-বিশ্বাসৰ আশ্ৰয় লৈ, আঁতি-গুৰিৰে সকলো বুজাই মনৰ খৰচি মাৰি দিয়ে।
এই প্ৰসঙ্গত, বঙ্গ-কবি চণ্ডিদাস আৰু অসমীয়া বৈষ্ণৱ কবিসকলৰ এটি ৰিজনিৰ ইঙ্গিত দিব পাৰি। মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আদি কবিসকলৰ লিখাত এটি পৰম শান্তি আৰু পূৰ্ণতাৰ ভাব সদায় বিৰাজ কৰিছে; কিন্তু বঙ্গ-কবি