পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পশু-পুৰাণ—জীৱ-জন্তুৰ কাহিনী

সচাকৈয়ে সি সোণালী সত্য যুগ, যেতিয়া গছ-লতা, পশু-পখী, আটাইৰে হিয়াৰ দুৱাৰ মানুহৰ বাবে মুকলি আছিল; বা মানুহে সেইবোৰৰ হিয়াৰ দুৱাৰেদি সোমাব পাৰিছিল। পশু-পখীৰ পুৰাণৰ পাত মানুহৰ চকুৰ আগত জাপ গল, যিদিনা দেৱ-দেৱীৰ পুৰাণৰ মাত মেল খালে; ই মানুহৰ সৰগ হেৰোৱাৰ পাতনি। দেৱ-দেৱী মানুহৰ প্ৰতিদ্বন্দ্বী, আৰু প্ৰায়ে শতৰুও; গছ-লতা, পশু-পখী, আন নালাগে সাপ-বাঘো মানুহৰ মিতিৰহে আছিল, মানুহে বিনা দোষত সেইবোৰ জ্ঞাতিৰ সঙ্গ এৰিলে।

 জগতৰ সকলো জাতিৰ সাহিত্যৰ উন্মেষ আৰু জন্ম প্ৰকৃতি-পুৰাণত; কিয়নো গছ-লতা পশু-পখীৰ দৰে মানুহৰো মাতৃ প্ৰকৃতি, আৰু মাতৃৰ কোলাতেই সকলো সন্তানে কল্-কলাবলৈ শিকে। নিজ ভাই-ভনীৰ লগত আলাপ-পৰিচয় হবলৈ ধৰে। মেকুৰীৰ জীয়েকৰ সাধু, চিলনীৰ জীয়েকৰ সাধু আদিত সেইবোৰ জীৱৰ লগত মানুহৰ সৌহাৰ্দ্য আৰু নিবিড় সম্পৰ্কৰ কথাকে সুঁৱৰিবলৈ বাধ্য হওঁহঁক। চম্পাৱতীৰ সাধুত অলাগী ঘৈণীৰ প্ৰতি অজগৰৰ গভীৰ সহানুভুতিয়ে জীৱ-জগতক নতুন চকুৰে চাবলৈ সকিয়ায়। বাঘ আৰু কেকোৰাৰ সাধুৰ মহবিলাকৰ কৃতজ্ঞতা আৰু বিশ্বাস-ভাজনতাই আজিৰ মানুহ সভ্যতাক লাজ দিয়ে।

 তেজীমলা নামটিৰ দৰেই সাধুটি যেনে কৰুণ তেনে বিতোপন, চিৰন্তন কিন্তু অভিনৱ। আজলী নিসহায় তেজীমলাক পিশাচিনী মাহীমাকে কৰা অমানুষিক ব্যৱহাৰ অসত্যৰ সত্যৰ ওপৰত বা জড়ৰ চেতনৰ ওপৰত খন্তেকীয়া আৰু উপৰুৱা জিত; কিন্তু লাওৰূপে জৰাৰূপে আৰু ফুলৰূপে তেজীমলাৰ আত্মপ্ৰকাশ অমৰ আত্মাৰ অমোঘ অভিব্যক্তি, আৰু সত্যৰ অনন্ত জয়- জয়কাৰ! কবি চন্দ্ৰকুমাৰৰ কাপত তেজীমলাৰ তেজী নৱ জন্ম :

কুমাৰী ছোৱালী কুটুমে পেলালে দলিয়াই মৰম ফেৰি।
মানুহে মানুহে ইমানহে মৰম, চকুলো পৰে সুঁৱৰি।