পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
পঞ্চকাণ্ড পদ-ৰামায়ণ—মাধৱ কন্দলী


নাহিকে ই সৱ কথা বাল্মীকি বচনে।
বিস্তাৰিত লিখিল অদ্ভুত ৰামায়ণে॥

দুৰ্ভাগ্যক্ৰমে অসমীয়া ৰামায়ণ পঢ়িবলৈ পাবলৈ নোহোৱা অৱস্থাত শ্ৰীৰামচন্দ্ৰৰ দুৰ্গোৎসৱৰ অকালবোধন, ভগৱতী-পূজা আদি অসংখ্য “মামুলি’’ কথা বহুতে সচা বুলি ধৰে। গোবৰৰ ভেৰৰ লাইৰ দৰে ভাব-প্ৰৱণ বঙালী কবি কল্পনা- বিলাসিতাত পৰি কৌশল্যাৰ কোলাত বহি থকা ৰামচন্দ্ৰ—

“পৰম বৈষ্ণৱ তাৰা ভাই দুই জন।
চতুৰ্ভূজ ৰূপ দেখিলেক নাৰায়ণ॥
শঙ্খ চক্ৰ গদা পদ্ম চতুৰ্ভূজ কলা।
কিৰীটি কুণ্ডল গলে হৃদে বনমালা॥”

ইয়াৰ বিপৰীতে, মাধৱ কন্দলী সংস্কৃতত বিচক্ষণ পণ্ডিত আছিল, আৰু বাল্মীকি ৰামায়ণ ভালদৰে অধ্যয়ন কৰি তাৰ সাৰ কাঢ়ি লিখিছিল—

“বাল্মীকি ৰচিলা শাস্ত্ৰ গল্প-পযদ্য ছন্দে।
তাহাক বিচাৰ আমি কৰিয়া প্ৰৱন্ধে॥
আপোনাৰ বুদ্ধি অৰ্থ যিমত বুঝিলোঁ৷
সঙ্খেপ কৰি তাক পদ বিৰচিলোঁ॥ ( কিষ্কিন্ধ্যা, ৭৩|৭৪)

“পণ্ডিত লোকৰ যেৱে অসন্তোষ উপজয়
 হাত যোৰে বোলোঁ শুদ্ধ বাক।
পুস্তক বিচাৰি যেয়ে তৈত কথা নপাৱাহা
 তেৱে সৱে নিন্দিবা আমাক।" (লঙ্কা, ২৫)

 ইংৰাজী সাহিত্যৰ বুৰঞ্জীৰ উপমা দিবলৈ হলে, ষোড়শ শতিকাৰ শ্বেক্সপীয়েৰৰ অগ্ৰদূত চতুৰ্দশ শতিকাৰ কবি চছাৰৰ দৰেই শঙ্কৰদেৱৰ অগ্ৰদূত সেই চতুৰ্দশ শতিকাৰে অসমীয়া কবি মাধৱ কন্দলী অতি প্ৰতিভাশালী আছিল। অসমীয়া ভাষাৰ এজন আদি কবি হলেও আৰু বাল্মীকিৰ ৰামায়ণৰ ছাঁ ললেও সেই পাঁচ কাণ্ডৰ ভিতৰেদি তেওঁ মৌলিক প্ৰতিভাৰ বিকাশ দেখুৱাইছে। হৰ-ধনু ভঙ্গ কৰি ৰাম-লক্ষ্মণে সীতাৰ সৈতে প্ৰৱেশ কৰোঁতে অযোধ্যাযৰ বৰ্ণনা,