পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
“প্ৰহ্লাদ চৰিত’’ কাব্য


 তেন্তে হেম সৰস্বতী দ্বাদশ শতিকাৰ শেষ ছোৱাৰ কবি। তেওঁৰ প্ৰহলাদ- চৰিত এতিয়া এশ-দেৰশ বছৰৰ আগৰ লিপিৰ পৰা উদ্ধাৰ কবি-তাৰ প্ৰাকৃত বৰ্ণবিন্যাস বিচাৰিবলৈ যোৱা বিড়ম্বনা মাত্ৰ। তথাপি অকল ভাষাতেই নহয়, “কীৰ্ত্তন’’ৰ অন্তৰ্গত “প্ৰহ্লাদ চৰিত্ৰ’’ৰ লগত ইয়াৰ ভাব-গত পাৰ্থক্যও অনুভৱ কৰিব পাৰি। আৰম্ভৰ পৰাই ইয়াৰ বৰ্ণনাৰ বিশেষত্ব লক্ষ্য কৰিবলগীয়া৷

“হিৰণ্যৰ পুত্ৰ ভৈলা বৈষ্ণৱ প্ৰহলাদ।
এক দিনা পিতা-পুত্ৰ লাগিলা বিষাদ॥
সেই দিনা প্ৰভু দেৱ জগতৰ পতি।
আদেৰিলা বিবাদ লগাইল সৰস্বতি॥
স্বামিৰ বচন দেৱি কৰি সিৰোগত।
প্ৰবেসিলা সৰস্বতি তাহাৰ কণ্ঠত॥
সেহি বেলা প্ৰহ্লাদ বৈষ্ণৱ ৰূপ ধৰি।
হিৰণ্যৰ আগে গৈয়া সুমৰিল ছবি॥”

যেতিয়া হিৰণ্যকশিপুৰ কোনো প্ৰকাৰে বলে নোৱাৰি ছলেৰে পুতেকক জিনি- বলৈ বুলি ভালৰি লগালে,—

“এভো হেন কৰা, হৰি নুসুমৰা, থাকাঁ মোৰ আজ্ঞা পালি।
মোৰ পুত্ৰ তোক, ৰাজ্য ভাৰ দেওঁ, মাধৱক পাৰা গালি॥’’

প্ৰহ্লাদৰ এই উভয়-সঙ্কটৰ অৱস্থা হেম সৰস্বতীৰ ৰচনাত প্ৰাণৱন্ত হৈ পৰিছে—


“হেন শুনি প্ৰহলাদে সুমৰে হৰি হৰি।
মাধৱক গালি মই পাৰোঁ কেন কৰি॥
মাধৱে সে পিতা-মাতা মাধৱেসে প্ৰাণ।
মাধৱত পৰে কোন বন্ধু আছে আন॥
জত দেথা ব্যাঘ্ৰ জল স্থল গিৰি বন।
গজ-ভুজ সাৱাতে অছন্ত নাৰায়ণ॥
তুমি আমি আদি কৰি তিনিও জগত।
সৱাতে আচন্ত হৰি নুহিকা বেকত॥’’