পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


ৰাজ্যই গৌড়ক সদায় সামৰি আছিল, আৰু দুৰ্য্যোগৰ কালত বিশাল কামৰূপ ৰাজ্যৰ ভিন্ ভিন্ ছোৱাত ভিন্ ভিন্ ৰজাই ৰাজত্ব কৰিছিল। কামৰূপ ৰাজ্যৰ পশ্চিম সীমান্তৰ সিছোৱা দুৰ্লভনাৰায়ণে আৰু ইছোৱা ধৰ্মপালে ৰাজত্ব কৰা বাবেই তেওঁলোকক যথাক্ৰমে গৌড়েশ্বৰ আৰু কামেশ্বৰ বুলি পাছত উল্লেখ কৰিছে। গৌড় মানে বঙ্গ নহয়; স্বৰূপতে অকল মালদহ অঞ্চলহে আদিতে গৌড় আছিল।

 ধৰ্মপালৰ পাছত প্ৰকৃততে আমি কোনো পালবংশী ৰজা থকাৰ লিপিমূলক প্ৰমাণ নাপাওঁ; লিপি আৰু চৰিত উভয়েই তাৰ কাৰণ সূচায়। ধৰ্মপালৰ পাছত তেওঁৰ ৰাজ্য দুৰ্লভেই আত্মসাৎ কৰে, গতিকে হেম সৰস্বতী, কবিৰত্ন আদিয়ে সম্ভৱ এই পাছৰ কালত দুৰ্লভৰ ৰাজসভাত থাকি তেওঁক কমতাৰ ৰজা বুলিছে। ৰামচৰণ ঠাকুৰে লিখিছে—

“ধৰ্মপাল ৰাজা আছিলেক কামেশ্বৰ।
তাহান্ত খাটয় যত ভূঞা নিৰন্তৰ॥
কামাখ্যা দেৱীয়ে যেৱে তাঙ্ক শাপ দিলা।
আপোনাৰ ৰাজ্য এৰি বিদেশক গৈলা॥ ২৫২৭
দেখিলেক লোক যেৱে ভৈলেক অৰাজ।
গাঁৱে গাঁৱে ভৈলা তেৱে সৱে ভূঞা ৰাজ॥
দুৰ্লভ নাৰা’ণ তাৰ বেলেগীয়া ভাই।
সিও কতো দিনে ৰাজ্য ভৈল এক ঠাই॥ ২৫২৮
বেহাৰৰ পৰা তিনি পহৰৰ বাট।
গড়িয়া নগৰ ৰাজা দুৰ্লভৰ পাট॥
যেয়ে বিশ্বসিংহ কামৰূপে ভৈল ৰজা।
আপুনি বসিল আসি অসংখ্যাত প্ৰজা।” ২৫২৯

কামাখ্যা দেৱীয়ে ধৰ্মপালক শাও দিয়া কথা এটা জন-কুসংস্কাৰ; বৰ্মন ৰজা- সকলৰ দিনৰ পৰা চলি অহা শৈৱ ধৰ্ম এৰি ধৰ্মপালে তেওঁৰ ৰাজত্বৰ শেষ ভাগত নৱ-বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা কথাই তাৰ গুৰি। দুৰ্লভ “বেলেগীয়া ভাই” হলেও, সম্ভৱ পালবংশী আছিল; তেওঁলোকৰ ৰাজ্যৰ সম্পৰ্ক আদি আন কথাবোৰ গুৰু-চৰিতৰ বৰ্ণনাতেই অতি প্ৰাঞ্জল।