পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
“প্ৰহ্লাদ চৰিত’’ কাব্য


বাকীকেখন গুৰুচৰিত ইমান বিশদ নহলেও স্থূলতঃ এই মতৰ সম্পূৰ্ণ সমৰ্থন- কাৰী; কিন্তু তেনে হলেও তেওঁৰ ৰাজত্ব কাল সম্পৰ্কে আন এটি সমস্যা উপস্থিত হয়।

 কমত্যৰ ৰজা ধৰ্মপালৰ (তথা কামৰূপৰ সদৌ পালবংশী ৰজাৰ) কাল লিপিমূলক প্ৰমাণৰ দ্বাৰা সুপ্ৰতিষ্ঠিত; আৰু সেইমতে তেওঁ সমসাময়িক দুৰ্লভ নাৰায়ণৰ ৰাজত্ব দ্বাদশ শতিকাৰ প্ৰথমাৰ্দ্ধত। ইফালে এই দুজন ৰজাৰ সন্ধিৰ ফলত ধৰ্মপালৰ ৰাজ্যলৈ অহা সাতঘৰ কায়স্থৰ প্ৰধান লণ্ডাদেৱ ( তথা পুতেক চণ্ডীবৰ) শ্ৰীশঙ্কৰদেৱৰ (১৪৪৯-১৫৬৮) উৰ্দ্ধতন পঞ্চম পুৰুষ; আৰু তিনি পুৰুষত এশ বছৰ ধৰা সাধাৰণ নিয়মেৰে সেই কাল নিমিলে।

 শঙ্কৰদেৱৰ এই পূৰ্বপুৰুষসকলৰ বিষয়ে চৰিত-পুথিবোৰ এটা কথা স্থিৰ পোৱা হয়, তেওঁলোক অতি দীৰ্ঘজীৱী আছিল, আৰু ভাটি বয়সলৈকে সন্তান নোহোৱাত সূৰ্য্য বা আন কোনো দেৱতাৰ সাধনা কৰি পুত্ৰ লাভ কৰিছিল। এই বাবে অসমীয়া সাহিত্যৰ অধিকাৰীসকলে শ্ৰীশঙ্কৰদেৱৰ পৰিয়ালত এই ব্যতিক্ৰম স্বীকাৰ কৰি তিনি কুৰি বছৰত এপুৰুষ ধৰি আহিছে; আৰু সেই অনুসাৰে লণ্ডাদেৱৰ কাল দ্বাদশ শতিকাৰ মাজ ভাগত পৰি দুৰ্লভনাৰায়ণ-ধৰ্মপালৰ বিস্তৃত মিলি যায়। এম, এন্ ঘোষেও এই ব্যতিক্ৰম মানি লৈছে; গতিকে প্ৰমাণৰ অভাৱত কামৰূপৰ দ্বিতীয় ধৰ্মপাল বা দ্বিতীয় দুৰ্লভনাৰায়ণৰ অৱতাৰণা পাণ্ডিত্যৰ আড়ম্বৰ বুলি এৰিবলৈ আমি বাধ্য।

 গুৰু-চৰিতত দুৰ্লভনাৰায়ণক গৌড়েশ্বৰ আৰু ধৰ্মপালক কামেশ্বৰ (কামতেশ্বৰ) বুলিছে যদিও মাজে মাজে খেলিমেলিও আছে। ইফালে হেম সৰস্বতী, কবিৰত্ন আদিয়ে তেওঁলোকৰ পৃষ্ঠপোষক ৰূপে দুৰ্লভনাৰায়ণক কমতাৰ ৰজাহে বুলিছে। তদুপৰি গ্লেজিয়াৰৰ মতে আৰু নন্দলাল দে’ৰ সমৰ্থন অনুসাৰেও খেনধংশী নীলধ্বজ ৰজাই (১২০৪-৫৬ ), কমতাপুৰ নগৰ পাতে আৰু শেষত সেই বংশৰ নীলাম্বৰৰ ৰাজত্বত (১৪৫৫-৯৮) ইয়াৰ ধ্বংস হয়৷ তেন্তে বুজিব লাগিব সেই ৰাজ্যতকৈ এই নাম অৰ্বাচীন।

 গৌড় প্ৰতিষ্ঠাতা শঙ্কলাদিৱৰ ‘কোচ’ উপাধিও সেইদৰেই অৰ্বাচীন। ধৰ্ম- পালৰ তৃতীয় তাম্ৰলিপিত “কামৰূপ নগৰে নৃপোহভৱৎ ধৰ্মপাল ইতি” বোলাৰ পৰা বুজিব লাগিব তেতিয়া তাৰ সেই নামেই আছিল। পুৰণি কামৰূপ