ভুজযুগ হেম যুথিকা মালে। অশোক তৰক কৰ যুগলে॥
মুকুলিত থল কমল তনে। ৰোমৰাজি তাত আতয়ীগণে॥
গভীৰ নাভি নাগেশ্বৰ ফুলে। কনক কেতেকী জংঘ যুগলে॥
চৰণ কমল থল কমলে। আঙ্গুলী চম্পক কলিকা জালে॥
নখৰ নিকৰ দেখি গুলালে। শিৰীষ কুসুম তনু সকলে॥
কনক চম্পক কুসুম পান্তী। তোহ্মাৰ সকল শৰীৰ কান্তি॥
নেআলী সেআলী মাহুলী বিকশে। তোহ্মাৰ মধুৰ ঈষত হাসে॥
দেখো মো তোৰ ফুল শৰীৰে। গাইল চণ্ডীদাস বাসলী বৰে॥’’
⸺⸺
“প্ৰহ্লাদ চৰিত” কাব্য
‘কমতা মণ্ডল |
দুৰ্লভ নাৰা’ণ |
নৃপবৰ অনুপাম৷ |
এই দুৰ্লভ নাৰায়ণ কোন বংশৰ ৰজা তাৰ নিৰ্ণয় নাই; কোনোৱে কয় পাল
বংশৰ, কোনোৱে কয় জিতাৰি বংশৰ। তথাপি গুণাভিৰামৰ মতে তেওঁৰ
ৰাজত্ব দ্বাদশ শতিকাৰ শেষ ছোৱাত; এডৱাৰ্ড গেইটৰ মতে ত্ৰয়োদশৰ শেষ
ছোৱাত আৰু নন্দলাল দে’ৰ মতে আগছোৱাত। আকৌ এম্, এন্, ঘোযৰ
মতে ই একাদশৰ শেষ ভাগত।
গেইটে দুৰ্লভ নাৰায়ণৰ ৰাজত্বতে সন্দেহ কৰে; কিন্তু তেওঁৰ এই সন্দেহ যে অমূলক মূল আটাইকেখন গুৰুচৰিতৰ উপৰি, আৰু হেম সৰস্বতীৰ বাহিৰেও কবিৰত্ন সৰস্বতী আদি কেবাজনো পূৰ্ব-বৈষ্ণৱ কবিৰ ভণিতাই সুপ্ৰমাণিত কৰে। ৰামচৰণ ঠাকুৰে দুৰ্লভ নাৰায়ণৰ উৰ্দ্ধতন পাঁচ পুৰুষৰ বংশাৱলী দিয়াৰ উপৰিও, এটি অতি মূল্যবান সঙ্কেত দিছে; সেয়ে হৈছে কমতাৰ ৰজা ধৰ্মপালৰ লগত দুৰ্লভনাৰায়ণৰ বিবাদ, সন্ধি আৰু সম্বন্ধ।