পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
“শ্ৰীকৃষ্ণ কীৰ্ত্তন’’ কাব্য—বড়ূ চণ্ডীদাস


অসমীয়া বৈষ্ণৱ সাহিত্যৰ শাৰীত ঠাই পাব লগা নহয়; কিয়নো ই ভাবত অসমীয়া অৰ্বাচীন “ৰাধাহৰণ” পুথিৰ লগৰীয়া সহজীয়া কাব্য। গীতা-ভাগৱতৰ মূল একশৰণ নিৰ্মলা ভক্তিৰ বিৰোধী এই ৰাধা-কাহিনী একাদশ শতিকা মানত অৰ্বাচীন ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণত জয়ে জয়ে জন্মলাভ কৰে বুলি বঙ্কিমচন্দ্ৰ চেটাৰ্জী প্ৰমুখ্যে পণ্ডিতসকলে কয়; এই ৰাধাই বঙালী কবি জয়দেৱৰ “গীত গোবিন্দ” কাব্যত লহপহকৈ বাঢ়ি বিলাসী পাটগাভৰুজনী হয়, আৰু তেৱেঁ বিদ্যাপতি চণ্ডীদাসৰ প্ৰেম-গীতৰ তালত নূপুৰ পিন্ধি পাক দি শেষত চৈতন্যদেৱৰ প্ৰচাৰিত ধৰ্মত আৰাধ্যা গোসানী হৈ পৰে।

 সচাকৈয়ে জয়দেবৰ গীত-গোবিন্দ” কাব্যত গীত আছে, গোবিন্দ নাই! বিদ্যাপতি চণ্ডীদাস দুইজন কবিয়েই দেবী-ভক্ত আছিল, বৈষ্ণৱ নাছিল নিশ্চয়; গতিকে তেওঁলোকৰ ৰাধ-কৃষ্ণমূলক কবিতাবোৰ “গীত-গোবিন্দ’’ৰ দৰেই আদি-ৰসাত্মক, আৰু বাৎসায়ন আদি কামশাস্ত্ৰকাৰকসকলৰ ব্যাখ্যাৰ নিচিনা। চণ্ডীদাসৰ ৰামী ধুবুনীৰ দৰে কৃষ্ণ-কীৰ্ত্তনৰ ৰাধা কৃষ্ণৰ পত্নী নহয়; মামী, পৰস্ত্ৰী! “তোমাৰ যৌৱন ৰাধা কৃপণেৰ ধন। পোটলি বান্ধিআঁ ৰাখ নহুলী যৌৱন।” “তোৰ দুই কুচ কুম্ভ বান্ধি নিজ গলে। বোল ৰাধা পৈসো মো লাৱণ্য গঙ্গা জলে॥" অদিত ৰাধাৰ “ঈশ্বৰী’’ত্ব বা কৃষ্ণৰ ঈশ্বৰত্বৰ নাম- গোন্ধ নাই!!

 প্ৰকৃত মুক্তি-ৰসাত্মক নহলেও, শৃঙ্গাৰ-ৰসমূলকভাৱে হলেও, কাব্যৰূপে কৃষ্ণ-কীৰ্ত্তনৰ যথেষ্ট মূল্য আছে নিশ্চয়। “মদন গৰল, খণ্ডন ৰাধা, মাথাৰ মণ্ডন মোৰে। চৰণ- পল্লৱ, আৰোপ ৰাধা মোৰ মাথাৰ উপৰে।" আদি যিদৰে জয়দেবৰ “স্মৰগৰল খণ্ডনং মম শিৰসি মণ্ডনং দেহি পদ-পল্লৱ মুদাৰম।” শ্লোকৰ প্ৰতিধ্বনি, বৃন্দাবন খণ্ডৰ তলত দিয়া কুসুম-মালা ছন্দৰ কবিতাটি আদিৰসত বিদ্যাপতি আদিৰ লগত তুলনীয় হলেও, ভাষাত শঙ্কৰদেৱৰ “হৰমোহন’’ৰ “দিব্য উপবন’’ৰ আগজাননী যেন লাগে।

“তমাল কুসুম চিকুৰ গণে। নীল কুৰুবক তোব নয়নে॥
সুপুট নাসা তিল ফুলে। দেখি তো গণ্ডযুগ মহলে॥
অধৰ সুৰঙ্গ বন্দুলী ফুলে। কন্ন যুগ তোৰ এবগ হুলে॥
মুকুলিত কুন্দ তোৰ দশনে। খন্তৰী কুসুম তোৰ বসনে॥