এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতীয় শিক্ষা। দুখীয়া চহকী হয় বিদ্যাৰ বলত, বিদ্যাই নোৱৰা কাম নাই জগতত। বিদ্যা থকা জনে যতে ততে মান পায়, ধন-বস্তু আজি নিজে মহাসুখে খায়। এতেকতে শিশু তুমি কৰি প্ৰাণপণ এতিয়াৰে পৰা আৰ্জি লোৱা বিদ্যাধন। ২১ পাঠ। গা ভালে ৰখাৰ কথা। গা ভালে ৰাখিবৰ কাৰণে, সদায় থাকিবা। নিতৌ গা ধুবা। পৰিষ্কাৰ হৈ থকা ঠাই, পিন্ধা উৰা কাপোৰ-কানি আদি সকলো বস্তু চাফ, চিকণ কৈ ৰাখিবা। খোৱা বস্তু দেখিলেই লোভ নকৰিবা। গেলা-পচা বা কেচা বস্তু নাখাবা। পেট পূৰাই খোৱাতকৈ অলপ ভোক থৈ খোৱাহে ভাল। আভোকত খালে বা উদ্গাৰণি লগাই খালে, পেট কামোৰণি আদি অজীৰ্ণ ৰোগ হয়। পিয়াহ লাগিলেই যতে ততে পানী নাখাবা। নিৰ্ম্মল বা বিশুদ্ধ পানীহে খাবা। উতলাই চেঁচা কৰি থোৱা পানীহে খোৱা ভাল। সৰুৰে পৰা পৰিশ্ৰম কৰিবলৈ অভ্যাস কৰিবা।