এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতীয় শিক্ষা। তেনেকৈ মৰম কৰে। আমি চৰাই পোৱালি কেইটা লৈ গলে, সিহঁতৰ মাক-বাপেকে মনত বৰ কষ্ট পাব, আৰু চিঞৰি-বাখৰি পাৰে মানে কান্দিব। আমাক যদি এতিয়া বাটৰ পৰা কোনোবাই ধৰি বান্ধি লৈ যায়, আমাৰ আই-দেউতাই মনত কষ্ট নেপাব নে, আৰু হিয়া ভুকুৱাই নেকান্দিব জানো? নিৰঞ্জনৰ কথাখিনি নিৰ্ম্মলৰ অন্তৰত বৰকৈ লাগিল। নিৰ্ম্মলে আৰু সেই দিনাৰে পৰা চৰাই পোৱালি পৰাৰ কথা উত্থাপন নকৰা হল। ২০ পাঠ। বিদ্যা। বিদ্যাৰ সমান শিশু অমূল্য ৰতন, বিচাৰি নোপোৱা তুমি এই ত্ৰিভুবন।