30 দ্বিতীয় শিক্ষা। ১৯ পাঠ। নিৰ্ম্মল আৰু নিৰঞ্জন। নিৰ্ম্মল আৰু নিৰঞ্জন দুটা সৰু লৰা। সিহঁত হয়ে। নিতৌ একেলগে পঢ়াশালিলৈ যায়। এদিন সিহঁতে পঢ়াশালিৰ পৰা ঘৰলৈ আহোঁতে, এজোপা হলি থকা নিম গছৰ ধোন্দত, এটা চৰাইৰ বাঁহ দেখা পালে। চৰাইৰ বাঁহটো দেখি নিৰ্মূলে কলে—“নিৰঞ্জন! নিম গছৰ ধোন্দত সৌটো চৰাইৰ বাঁহ দেখিছা নে? চোৱা- চোন, পোৱালি কেইটা কেনে সুন্দৰ! ধোন্দৰ বাহিৰলৈকে ওলাই আহিছে। খুৱাইছে! উৰণীয়া হওঁ হওঁ ইয়াতে ফলি-পুথি থৈ, চৰাইৰ মাকে কেনেকৈ টোপ হৈছে। বলা, আমি । পোৱালি কেইটা পাৰি আনি ঘৰলৈ লৈ যাওঁ। গছত মই নিজে উঠিব পাৰিম। তুমি তলতে ৰৈ থাকিবা।” নিৰ্ম্মলৰ কথা শুনি নিঞ্জনে মাত লগালে, “অ নিৰ্ম্মল! তুমি পাহৰিলা হবলা? সিদিন৷ আমাক অধ্যাপকে চৰাই পোৱালিৰ কথা কি কৈছিল? তেওঁ আমাক চৰাই পোৱালি পাৰিবলৈ হাক দিয়া নাই নে? আমাৰ আই-দেউতাই, যেনেকৈ আমাক মৰম কৰে, চৰাই পোৱালিবোৰকো সিহঁতৰ মাক বাপেকে ঠিক
পৃষ্ঠা:অসমীয়া লৰাৰ দ্বিতীয় শিক্ষা.pdf/৩৪
অৱয়ব