পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৪৮]

 

যেনে; আপোনাৰ ভনীএঁকে আহিলে তাৰ জোঁৱাই একে গ’ল। যোগাইৰ বউএকে কইছে। তাৰ জোঁৱাই একহঁতে চকু মেলিও নেচায়। ইত্যাদি।

আছে এই অৰ্থত শব্দৰ পাছত ঈ, ৱন্ত, মন্ত, বি আরু শালী হয়, পুংলিঙ্গত। কিন্তু স্ত্ৰীলিঙ্গত হলে ইনী, ৱতী, মতী, বিনী আরু শালিনী হয়। যথা; জ্ঞান আছে যাৰ সি (জ্ঞান+ঈ) জ্ঞানী বা (জ্ঞান+ৱন্ত) জ্ঞানৱন্ত। এই দৰে ধনী বা ধনৱন্ত। বুদ্ধিমন্ত, শ্ৰীমন্ত, মায়াবী, ঐশ্বৰ্য্যশালী ইত্যাদি।* স্ত্ৰীলিঙ্গত জ্ঞানিনী, জ্ঞানৱতী, বুদ্ধিমতী ইত্যাদি।

শব্দৰ পাছত ত্ব, তা আরু য হয়। ভাৱাৰ্থত যধা; প্ৰভুত্ব, সহায়তা, সাহায্য, নৈপুণ্য ইত্যাদি।

শব্দৰ পাছত ই, অ, এয়, ইক আরু আয়ন প্ৰত্যয় হয়, অপত্য আরু সম্বন্ধ অৰ্থত। এই বিলাক প্ৰত্যয় হলে শব্দৰ আগৰ ফালৰ স্বৰৰ বৃদ্ধি হয়। যথা; দশৰথৰ সন্তান বি সি দাশৰথি, পাণ্ডুৰ সন্তান যি সি পাণ্ডব। ভগিনীৰ


* জ্ঞানৱান্‌, বুদ্ধিমান্‌, ধনৱান্‌ ইত্যাদি পদ ও হয়।