পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৭ ]

 আছে বা থাকে নাইবা সম্বন্ধ অৰ্থত শব্দৰ পাছত আল, কেতিয়াবা য়াল হয়। যথা; বৰ খঙ্গ আছে যাৰ সি খঙ্গাল, হাবিত থাকে যি সি হাবিয়াল, নদীত থাকে যি সি নদীয়াল। মৰম আছে যাৰ সি মৰমিয়াল। * মৰঙ্গৰ কাৰ্য্য কৰে যি দি মৰঙ্গিয়াল ইত্যাদি।

 দ্বিতীয় পুরুষৰ সম্বন্ধ পদৰ পাছত থকা ইবৰ্ণান্ত উবৰ্ণান্ত শৰ্কৰ পাছত প্ৰায় য়াঁই এঁৰা হয়। যথা; তোমাৰ জোঁৱাইয়াঁই মাৰিলে। তোমাৰ জোঁবাই এঁৰা আছে নে? তোমাৰ ভনীয়াঁই বা ভনী এঁৰাই কইছে। তোমাৰ বউয়াঁই বা বউএঁৰাই দেখিছিল।

 তুচ্ছাৰ্থে কেবল এঁৰে হয়। তোৰ জোঁৱাই এঁৰে আহিলে নে? তোৰ ভনী এঁৰে কি কৰিছে। তোৰ বউ এঁৰে খালেনে? এই তোৰ পদ উহ্য থাকিলেও হয়। যেনে; বউএঁৰে খালেনে? জোঁৱাই এঁৰে গ’লনে? ইত্যাদি।

 তৃতীয় পুরুষৰ সম্বন্ধ পদৰ পাছত থকা ইবৰ্ণান্ত উবৰ্ণাস্ত শব্দৰ পাছত প্ৰায় এক্‌ হয়।


* য়াল হলে কেতিয়া বা ই হয়।