পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪২ ]

 ভাৱবাচ্যে সাধাৰণ ধাতুৰ পাছত ক্তি প্ৰত্যয় হয়৷ ক অনুবন্ধ তি থাকে৷ ক্ত প্ৰত্যয় পাছত থাকিলে যি যি কাৰ্য হয় তাৰ অধিকাংশ ক্তি পাছত থাকিলেও হয়৷ খ্য+ক্তি খ্যাতি, প্ৰী প্ৰীতি, গম্‌ গতি, উৎ-নম্‌ উন্নতি, স্থা স্থিতি, বুদ্‌ বুদ্ধি, শম্‌ শান্তি, মন্‌ মতি ইত্যাদি৷ *

 ভাৱ আরু কৰ্মবাচ্যে ঋৠ নাইবা ব্যঞ্জন বৰ্ণ শেষত থকা ধাতুৰ পাছত ঘ্যণ্‌ হয়, ঘ্‌ ণ্‌ অনুবন্ধ য থাকে৷ কৃ+ঘ্যণ কাৰ্য্য, ধৃ ধাৰ্য্য, যুজ যোগ্য ভুজ্‌ ভোগ্য ✝ ইত্যাদি৷

 ভাৱ আরু কৰ্মবাচ্যে স্বৰান্ত ধাতু, শক, সহ আৰু পবৰ্গান্ত আদি কেতবিলাক ধাতুৰ পাছত ষ হয়৷ এই য পাছত থাকিলে আকাৰান্ত ধাতুৰ শেষত থকা আ এ হয়৷ যথা; —দা+য দেয়, পা পেয়, নী নেয়, শক্‌ শক্য, সহ সহ্য, লভ লভ্য, নস নস্য ইত্যাদি৷


* হা ধাতু হানি হয়৷
অনুযোজ্য, ভোজ্য ইত্যাদি পদো হয়।