পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৪ ]

দত্ত, গুরুদও৷ জাতিৰ পৰা দ্ৰষ্ট, জাতিভ্ৰষ্ট৷ ধৰ্ম্মৰ পৰা চ্যুত, ধৰ্মচ্যুত৷ অগ্ৰে গণ্য অগ্ৰগণ্য৷ গছত পক, গছপকা৷ ৰাজাৰ পুত্ৰ, ৰাজপুত্ৰ৷ ছাগলীৰ গাখীৰ, ছাগলী গাখীৰ৷

দ্বিগুসমাস৷

 সংখ্যা বুঝোৱা পদ আগত থাকি সমাস হ’লে তাক দ্বিগু সমাস বোলে৷ যেনে;— দুহালগরু, হেজাৰ টকা ইত্যাদি৷

অব্যয়ীভাব সমাস

 অব্যয শঝব্দ আগত থাকি যি সমাস হয় তাৰ নাম অব্যয়ীভাব সমাস। যথা;— দিনে দিনৌ প্ৰতিদিন৷ যেনে শক্তি, যথাশক্তি, রূপৰ নিচিনা অনুরূপ ইত্যাদি৷

কৃৎ প্ৰকৰণ৷

সংজ্ঞা৷

 ধাতুৰ পাছত হোৱা কেতবিলাক প্ৰত্যয়ক কুৎপ্ৰত্যয় বোলে৷ ৷ কৃৎপ্ৰত্যয়ান্ত ধাতু শব্দ হয়, ই ঈৰ ঠাইত এ, উ ঊৰ, ঠাইত ও, ঋ, ৠৰ ঠাইত অৰ হোৱাৰ নাম 'গুণ'৷


দেৱদত্ত৷ গুরুকৰ্ত্তৃক দত্ত, গুরুদত্ত, কিন্তু ইয়াত অইন প্ৰকাৰ অৰ্থ হব৷