পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভূমিকা

 আমাৰ দেশৰ পঢ়াশালিবিলাকত অসমীয়া ভাষা শিক্ষাদিবলৈ সংক্ষেপ ব্যাকৰণ নোহোৱাত শ্ৰীযুত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ে এই ব্যাকৰণখানি ৰচনা কৰি তেঁওৰ ছাত্ৰবিলাকক শিক্ষা দিছিল৷ ইয়াক ময় পঢ়ি চালোঁ৷ সংস্কৃত ভাষাৰ ব্যাকৰণ অবলম্বন কৰি ইয়াক ৰচনা কৰা হ’লেও সেই ভাষাৰ নিয়ম আমাৰ ভাষাত যিমান চলিছে তিমানহে ইহাত সংক্ষেপে আছে৷ আরু আমাৰ অসমীয়া ব্যাকৰণত থাকিব লগীয়া প্ৰায় সকলো নিয়ম ইয়াত আছে৷ ইহাৰ দ্বাৰা আমাৰ ভাষা শিকিবলৈ অনেক সাহায্য হব যেন আশা কৰি ময় বৰ সন্তোষ পাইছোঁ আরু গ্ৰন্থকৰ্ত্তাৰ অভিপ্ৰায় অনুসাৰে ইয়াক মুদ্ৰিত কৰিলোঁ৷ এতিয়া আমাৰ দেশৰ ল’ৰা চোৱালী বিলাকৰ ইয়াৰ পৰা উপকাৰ হ'লেই আশা সফল হোৱাৰ সন্তোষ লভিব পাৰিম৷ নগাঁও জিলাৰ শিক্ষাবিভাগৰ ডিষ্ট্ৰিক্ট কমিটিয়েও এই পুথিক পঢ়াশালিত পঢ়িব লগীয়া বুলি অভিমত প্ৰকাশ কৰিছে৷