পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সন্ধি৷

দুই বৰ্ণৰ যোগ হোৱাৰ নাম সন্ধি, সেই সন্ধি দুই প্ৰকাৰ, স্বৰসদ্ধি আরু ব্যঞ্জন বা হলসন্ধি৷ স্বৰেৰে সৈতে স্বৰৰ যোগ হোৱাৰ নাম স্বৰসন্ধি আরু ব্যঞ্জনেৰে সৈতে ব্যঞ্জনৰ নাইবা স্বৰৰ যোগ হোৱাৰ নাম ব্যঞ্জনসন্ধি৷ সন্ধি হওঁতে কেতিয়া বা কোনো বৰ্ণৰ লোপো হয়৷

স্বৰসন্ধি৷

সবৰ্ণৰ পাছত সবৰ্ণ থাকিলে উভয়ে এক লগ হ’ই দীৰ্ঘ হয়; আরু দীৰ্ঘ স্বৰ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— গুণ + অভিৰাম গুণাভিৰাম, দেৱ + আলয় দেৱালয়, তথা + অপি তথাপি, মহা + আশয় মহাশয়, প্ৰতি + ইতি প্ৰতীতি, ক্ষিতি + ঈশ্বৰ ক্ষিতীশ্বৰ, গৌৰী + ঈশ্বৰ গৌৰীশ্বৰ, গুরু + উপদেশ গুরূপদেশ ইত্যাদি৷

অ আরু আৰ পাছত ই বা ঈ থাকিলে দুয়ো মিলি এ হয় এ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— পৰম + ঈশ্বৰ পৰমেশ্বৰ, মহা + ইন্দ্ৰ মহেন্দ্ৰ, মহা + ঈশ মহেশ, গণ + ঈশ গণেশ৷