পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৬ ]

 

বিশেষ্য পদৰ নিচিনা সৰ্ব্বনামৰো লিঙ্গ, সংখ্যা আরু কাৰক আছে। আরু ভিন্ন ভিন্ন কাৰকত ভিন্ন ভিন্ন রূপ হয়। তাৰ বিবৰণ তলত লিখা গ’ল।

কৰ্ত্তাকাৰক।

মান্য অৰ্থত

মূলশব্দ   একবচন   বহুবচন
যি   যি, যোনে, যেয়ে   যি বিলাকে, যি সকলে
সি   তেঁও   তেঁও বিলাকে,
এই   এঁও   এঁও বিলাকে
কোন   কোনে, কেৱে   কোন বিলাকে, কেতবিলাকে
তয়   তুমি তোৰা   তোমা বিলাকে তোমালোকে
তোমা সকলে তোৰা সবে
ময়   ময়   আমি আমাসকলে আমালোকে
আপোন   আপুনি   আপোনা সকলে, আপোনালোকে

বিশেষণৰ দৰে আন শব্দৰ আগত হে থাকে। যথা; সৌ গছ জোপা, সৌটা নো ক’ৰ মানুহ? ঐ ৰকম, ঐ মামুহটো নো কোন? সি শব্দৰ ঠাইত কেতিয়া বা সেই হয়। যেনে; সেই কথা সেই ঘৰ।