পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৫ ]

 আন আন শব্দৰো রূপ প্ৰায় এই দৰেই হয়৷ আতি মান্য বুঝালে সকল শব্দ আরু অমান্য হলে হঁত শব্দ যোগ হয়, যথা ভাঙ্গৰীয়া সকলে আজ্ঞা কৰিলে৷ মিকিৰ হঁতে গ’ল ইত্যাদি৷

বিশেষণ৷

 যি পদে কাৰো, গুণ, দোষ, অবস্থা, আরু ক্ৰিয়া বুঝায়, তাক বিশেষণ পদ বোলে৷ গোপাল বিদ্যাৱন্ত, সুৰদেৱ জ্ঞানী, ল’ৰাটো বৰ দুষ্ট, চোৱালি জনী সুৱনী৷ ডেকা মানুহ, ৰঙ্গা চুৰিয়া, কণা কুকুৰ, দুখীয়া, খাওঁতা ইত্যাদি৷ ইয়াত বিদ্যাৱত্ত, জ্ঞানী, বৰ, দুষ্ট, সুৱনী, ডেকা, ৰঙ্গা; কণা, দুখীয়া, খাওঁতা এই বিলাক বিশেষণ পদ৷

 ক্ৰিয়াৰ গুণ বা অৱস্থা বুঝোৱা পদ বিলাকক ক্ৰিয়াবিশেষণ পদ বোলে৷ ক্ৰিয়া বিশেষণ পদৰ পাছত কৈ, এ, ৰে, রূপে ইত্যাদি যুক্ত থাকে৷ যেনে খৰকৈ নেলেখিবা৷ ৷ ভালেৰে থাকিবা৷ সুন্দৰরূপে চাবা৷ শীঘ্ৰে অহিবা ইত্যাদি৷

সৰ্ব্বনাম৷

 ছ০যি, সি, এই, কোন, তয়, সৌ, ঐ * আদি কৰি কেতবিলাক শব্দক সৰ্ব্বনাম বোলে৷


*সৌ আরু ঐ শব্দৰ প্ৰয়োগ এনে ন হয়, এই দুই শব্দ