পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৩ ]

সম্বন্ধ৷

 আইবোপাই, মিতিৰ আদি কৰি সম্পৰ্ক, অধিকাৰ, অংশ আরু বিকাৰ আদি বুঝোৱা পদ বিলাকক সম্বন্ধ পদ বোলে৷ সম্বন্ধপদত ৰ যুক্ত হয়৷ যথা; গোলাপীৰ জিএক, মেধিৰ পুতেক, মনুৰ সখি, ভূৰামৰ পুথীখন, ৰজাৰ ৰাজ্য, গছৰ পাতকাপৰৰ দহি, সোণৰ কৰিয়া ইত্যাদি৷

সম্বোধন৷

 যি পদে মতা বা অহান কৰা বুঝায় তাক সম্বোধন পদ বোলে। সম্বোদন পদৰ আগত হে, অ, এ, ও, ঐ, হেৰাহেৰ আদি কৰি কেইবাটা শব্দযোগ হ’ই থাকে৷ যেনে; হে সমাজিক লোক! অবাপু দেউ! এ আই! ও দেৱতা! হেৰা মানুহটি! হেৰ লালুঙহঁত! ইত্যাদি কেতিয়া বা এনেকুৱা শব্দৰ যোগ ন হয়ো৷ যেনে; বুপাইটি শুনাচোন! বাই! মোৰ ভোক লাগিছে ইত্যাদি

হেতুবাচক পদ৷

 নিমিত্তে, হেতু, কাৰণ আদি কেতবিলাক শব্দ যিহেতু বুঝায় তাক হেতুবাচক পদ বোলে৷ ইহাতে কাৰকাদিৰ চিহ্ন নে থাকে৷