পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৯ ]

বচন

 কোনো শব্দে যেতিয়া এটাক বুঝায় তেতিয়া একবচন, আৰু যেতিয়া সৰহ বুঝায়, তেতিয়া বহুবচন বোলে৷ “দেৱতাই দেখ’ক, সোণায়ে মোৰ পুথীখন নিলে’ এনে বুলিলে এটা মানুহে দেখা আরু এটা মানুহে এজনৰ এখন পুথী নিয়াহে জানিলোঁ, এতেকে দেৱতাই, সোণায়ে, মোৰ আরু পুথী এই আটাইটি একবচনৰ পদ৷ কিন্তু “দেৱতা সকলে দেখ'ক, সোণাইহঁতে আমাৰ পুখীবিলাক নিলে” এনে বুলিলে অনেকৰ দেখা আরু অনেকৰ অনেক পুথী নিয়াহে বুঝায়, এই হেতুকে দেবতা সকলে সোণাইহঁত, আমাৰ আরু পুথীবিলাক এই আটাইটি বহুবচনৰ পদ৷ বহুবচন হলে সকল বিলাক, বোৰ, হঁত আদি কৰি শব্দ যোগ হয়৷

পুরুষ

 পুরুষ তিন প্ৰকাৰ৷ যথা; প্ৰথম পুরুষ, দ্বিতীয় পুরুষ আৰু তৃতীয় পুরুষ৷ ময় প্ৰথম পুরুষ, তুমি বা তয় দ্বিতীয় পুৰুষ, ইয়াত বাজে আটাইবোৰ তৃতীয় পুরুষ৷