পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৮ ]

বিশেষ্য৷

 জাতি, গুণ, দ্ৰব্য, নাম আরু ক্ৰিয়া বুঝোৱা পদ বিলাকক বিশেষ্য পদ বোলে৷ যেনে; মানুহ গরু, বামুণ, কলিতা, ইংৰাজ, মান; দুষ্টালি, নৈপুণ্য; জল, মাটী; শিৱৰাম, তেজপূৰ, আসাম; দেখা, শুনা গমন, ইত্যাদি৷

 বিশেষ্য পদৰ লিঙ্গ, সংখ্যা আৰু কাৰক আছে।

লিঙ্গ৷

 লিঙ্গ তিনি প্ৰকাৰ৷ পুংলিঙ্গ, স্ত্ৰীলিঙ্গ আরু ক্লীবলিঙ্গ৷

 মুনিহ বুঝোৱা পদবিলাকক পুংলিঙ্গ, তিৰোতা৷ বুঝোৱা পদবিলাক স্ত্ৰীলিঙ্গ আরু তাত বাজে আন আন পদবিলাকক ক্লীবলিঙ্গ বোলে৷ পুলিঙ্গ শব্দ যেনে; মানুহ, পশু, চন্দ্ৰ, গছ, ঘোৰা, হাতী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ শব্দ যেনে; তিৰোতা, বৌ, লতা, পেহী ইত্যাদি৷ * ক্লীবলিঙ্গ শব্দ যেনে; জল, মন ইত্যাদি৷


স্ত্ৰীলিঙ্গৰ বিষয় বিশেষকৈ পাছত হব৷