পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ২২ ) নাকৈ অপুনিও চলিছিল। এতিয়াও তেঁওলো- কেহে তােমালােকক মৰম আৰু যতনেৰে প্ৰতি- পাল কৰিব লাগিছে। তােমালােকে এতিয়া গমি চোৱাচোন্ ওপজা দিনৰে পৰা তোমালােকৰ হিতৰ নিমিত্তে ইমান দুঃখ আৰু যতন অনি কোনে কৰে ? তােমাললাকে এনেকুৱা মৰমীয়াল পিতৃমাতৃৰ মৰম আৰু দুঃখৰ সলনি আজিলৈকে কি কৰিছা? যদি তেঁওলােকৰ ধাৰ শুজিবলৈ ইচ্ছা কৰা, তেন্তে তােমালােকে সদাই তেঁও বিলাকৰ অজ্ঞা পালি আৰু ভালকৈ লেখাপঢ়া শিকি, তেঁও বিলাকক সন্তুষ্ট কৰা। পিতৃমাতৃ এ যি আজ্ঞা কৰে, যদি তালৈ আও- কাণ কৰা আৰু বিদ্যা শিকিবলৈকো হেলা কৰা, তেন্তে তেঁও বিলাকে নিশ্চয়কৈ মনত বড় বেজাৰ পাব। আৰু যেতিয়া তেঁও বিলকে বুঢ়। হই বন কৰিবলৈ নােৱাৰা হব, তেতিয়া যদি তোমালােকে প্রতিপাল নকৰা তেনে হলে বড় কৃতঘ্ন হবা। ইতি।