এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মৰামৰি কৰি তাক বৃথাই, নষ্ট কৰে, সি ডাঙ্গৰ হলে তাৰ গুণ বুজ পায়, আৰু তেতিয়া এই দৰে খেদ কৰে “হায় ! ময় কেলেই অকাৰণে সময় খেদাইছিলে।। এতিয়া মােৰ দুর্গতিৰ শেষ নাই। সময় যে কি বস্তু তাক চিনিব পৰা হলে মােৰ এনে দুৰৱস্থা নহল হেতেন। আমুকে সময় নাশ নকৰা হেতুকে মাথােন এনেকুৱা চহকী হইছে আৰু সুখ পাইছে।” হে প্রিয় লৰবিলাক ! যদি তােমালােকে বিফলে সময় কটোৱা, তেন্তে পিছত বড়কৈ খেদ কৰিব লাগিব। ঘােড়া। ঘোড়া অতি উত্তম জন্তু। সি দেখিবলৈ চিকণ । সি বেগাই যাব পাৰে। মানুহতকৈ তাৰ বল সৰহ। সকলাে ঘােড়াৰ আকৃতি আৰু বৰণ একে দৰৰ ন হয়। ঘোড়াৰ নেজ দীঘল, ডিঙ্গি বেঁকোৰা। গৰু, ম’হ আদি জন্তুৰ খুৰা যেনে দুফলীয়া তাৰ খুৰা তেনে ন হয়। সি এখুৰীয়া জন্তু