সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
আহোম যুগ


 গাওঁ স্থাপন কাৰ্য্যতো আহোমসকলৰ তৎপৰতা আৰু স্বকীয়া অভিৰুচিৰ পৰিচয় আছে। পূৰ্ব্বেই উল্লেখ কৰা হৈছে যে অসমৰ সৰ্ব্বত্ৰ সু-প্ৰণালীবদ্ধ গাওঁ আহোমসকলে নিৰ্ম্মাণ কৰে; আৰু সেই গাওঁ আজিও বৰ্দ্ধিষ্ণু ভাৱে আছে। প্ৰাচীন কালত ভাৰতৰ গাওঁবোৰ এক বৰ্ণ বা এক জীৱিকাৰ মানুহৰ দ্বাৰা পৰিপূৰ্ণ আছিল। আহোমসকলে এই ৰীতিৰ কিছু পৰিৱৰ্ত্তন সাথে। তেওঁলোকে একে গাওঁতে বিভিন্ন জাতি আৰু বৃত্তিৰ মানুহ স্থাপিলে। ইয়াৰ পৰা সমাজৰ বিভিন্ন জাতি আৰু শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু সহৃদয়- ভাৱৰ সৃষ্টি হ'ল। মোমাই তামূলী বৰবৰুৱাই গাওঁ কেনেকৈ সংগঠন কৰিছিল তাৰ বিৱৰণ দাঁতিয়লীয়া বুৰঞ্জীত আছে—


 মানুহৰ ঘৰ ফালি দেশ বঢ়াই পাতিলে। তেলী, মালী, ধোবা, চমাৰ, কমাৰ, তাঁতী, সণাৰী সকলো জাতিৰ মানুহ ফালিলে। দুই ভাইৰ এপোৱা, চাৰি ভাইৰ দোপোৱা, ছই ভাইৰ তিনি পোৱা, আট ভাইৰ চাৰি পোৱা, এই ক্ৰমে নৰাৰ পৰা বঙ্গালৰ দো-সীমালৈকে দেশ পাতিলে। দৈয়াঙ্গ বচা পাতিলে। মমাই তামুলী বৰবৰ ৱাদেউ মহামত্য বৰ্লভ ব্ৰাহ্মণ ২ ঘৰ, গণক ২ ঘৰ, কাথৰ ২ ঘৰ, কলিতাৰ ২ ঘৰ, কেওঁট ২ ঘৰ, কোঁচ ২ ঘৰ, চুটিয়া ২ ঘৰ, বুৰুক ২ ঘৰ, বৰীয়া ২ ঘৰ, অহম ২ ঘৰ, গৰীয়া ২ ঘৰ, মৰীয়া ২ ঘৰ, ডোম ২ ঘৰ, হাৰি ২ ঘৰ, এই ক্ৰমে পাতিলে। (দেওধাই অসম বুৰঞ্জী, পৃঃ ১১৯, ১২০ )

 খেল-প্ৰথাৰ হেতু গাৱত একতা দৃঢ় হৈছিল। গাৱৰ হিতাৰ্থে কোনো কাৰ্য্য সম্পাদন কৰিবলৈ হলে খেল আৰু গাৱঁৰ সকলো মানহে শ্ৰমদান অথবা অন্যৰূপে সহায় কৰিছিল। গাৱত কোনো মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বা কোনো পুখুৰী খান্দিবলৈ হলে, অথবা আলিবাট আৰু সেতু তৈয়াৰ কৰিবলৈ হলে গ্ৰামবাসী মাত্ৰে সহযোগ কৰিছিল। গাৱত কোনোৱে অন্যায় অবিচাৰ কৰিলে, অপকাৰ-অমঙ্গল সাধিলে, ঠগ-প্ৰবঞ্চনা, চুৰি ডকাইতি আদি ব্যভিচাৰ কৰিলে, গ্ৰামবাসীয়ে মিলি তাৰ বিচাৰ কৰিছিল। আহোম-যুগৰ সেই প্ৰথাই এতিয়াও অসমীয়া গাৱত মুখ-বন্ধ হৈ ৰৈছে।

 আহোমৰ দিনত বেহা-বেপাৰৰ বিশেষ ব্যৱস্থা হৈছিল। বেহা-বেপাৰৰ সুবিধাৰ কাৰণে ঠায়ে ঠায়ে হাট পতা হৈছিল। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই ৰহাত হাট পতাৰ উল্লেখ বুঞ্জীত তলৰ দৰে আছে—

 কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ৰহালৈ উজাই গল। ৰহাত থাকি বেবেজীয়া ন কুৰি পাতিলে, আৰো ৰহাতে হাট এখন পাতিলে। তাৰে দহোটা গোট-পাইক লাক্লঙ্গীয়া কৰিলে হাটৰ। আৰো হাটখুৱা পাতিলে চকীয়ালৰ কৃষ্ণগতিকে।

 আৰো হাটৰ দান—গৰুটোৰ লব কড়ি তিনি পোণ, এঠেঙ্গ এৰিব। তামোল কাউণৰ ৵ পোণ, পাণ ২০, পাণ ৵গুছি, ধান ২০ ৵ পুৰা, ৰূপ ২০ টকা, কপাহ ১০১টা, পহাৰী-দান কড়ি ১৭ পোন।

 হাটৰ সীমা—পূবে গড়ৰ চকী, পছিমে গোগ, উত্তৰে ব্ৰহ্মপুত্ৰ, দখিণে যমুনামুখ।