সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
তিব্বত-বৰ্ম্মী-ভাষী


 তিব্বত-বৰ্ম্মীসকলৰ দলবদ্ধ জীৱনৰ অন্য এটি নিদৰ্শন হৈছে দল বান্ধি মাছ মৰা আৰু চিকাৰ কৰা। গোটেই গাৱেঁ লগলাগি মাছ মাৰিবলৈ যোৱা প্ৰথা এতিয়াও বহুত গাৱঁতে আছে। এটি নিদিষ্ট দিনত বিশেষকৈ মাঘ আৰু বহাগ বিহুৰ আগদিনা গাৱৰ মুনিহ তিৰোতা সকলোৱে পচা, বচা, পল, জাকৈৰে গাৱৰ মূৰৰ পুখুৰী বা নদীৰ কাষত গোট খায়; পূজা-পাতলৰ পিচত সকলোৱে একেলগে পানীত নামে। এই মাছ মৰা দৃশ্য অতি মনোৰম। যি জনৰ ভাগ্যত পুঠী খলিহনা এটাও নপৰে তেওঁক বাকী মাছুৱৈসকলে নিজৰ ভাগৰপৰা এটি দুটিকৈ মাছ দিয়ে। চিকাৰতো সেই একে নীতি; বিশেষকৈ জালেৰে বাঘ, গাহৰি, গৰু, হৰিণ আদি চিকাৰত। তিৰোতাসকলেও এই চিকাৰত সহায় কৰে।

 অসমীয়া সমাজত তিৰোতাৰ যি মৰ্য্যাদা তাৰ সৰহ ভাগ তিব্বত-বৰ্ম্মী- ভাষীৰ প্ৰভাৱত সম্ভৱপৰ হৈছে। তিব্বত-বৰ্ম্মী সমাজত মুনিহ তিৰোতাৰ সমান আসন আৰু সকলো ক্ষেত্ৰতে তিৰোতা মুনিহৰ সহায়ক। ধনী, দুখীয়া সকলো ঘৰৰ তিৰোতাই পথাৰত ধান বোৱাৰপৰা আৰম্ভ কৰি ৰান্ধনিঘৰলৈকে সকলো কাম কৰে। এড়ি আৰু পাট কটা এওঁলোকৰ প্ৰধান বৃত্তি। বৈ কাটি নিজৰ আৰ্জ্জনৰ বাট উলিয়াব পৰা হোৱাত এওঁলোকৰ তিৰোতাই কোনো হীন বৃত্তি গ্ৰহণ কৰিব লগীয়া হোৱা নাই। যুৱতী কালত বিয়া হোৱা, বিবাহ- বিচ্ছেদ, বিধবা-বিবাহ (ধেমনী অনা) আদি প্ৰথাই সমাজত তিৰোতাৰ উচ্চ স্থানৰ ইঙ্গিত কৰে। বৰৰ পক্ষৰ ঠাইত কন্যা পক্ষক ‘গা-ধন’ দিয়া ৰীতিও এই সম্পৰ্কে লক্ষণীয়। হিন্দাসকলৰ বিবাহ আঠ প্ৰকাৰ—ব্ৰাহ্ম, দৈৱ, আৰ্য্য, প্ৰাজাপাত্য, আসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস, পৈশাচ। ইয়াৰ ভিতৰত প্ৰথম চাৰিবিধ সম্ভৱতঃ প্ৰাচীন; বাকী চাৰিবিধ জনজাতিসকলৰ মাজত প্ৰচলিত প্ৰথাক আৰ্য্যকৰণ কৰা হৈছে। ছোৱালী পলুৱাই অনা, গা-ধন দি ছোৱালী অনা, ঘৰজীয়া খাটি ছোৱালী বিয়া কৰোৱ প্ৰথা ৰাক্ষস আৰু পৈশাচৰ ভিতৰত পৰিছে। তিব্বত-বৰ্ম্মী-ভাষীৰ মাজত এনে ধৰণৰ বিবাহ প্ৰথা আজিও প্ৰচলিত। খুব সম্ভৱ অসমীয়া বিয়াত হেঙ্গাৰ ধৰা অথবা দৰা আগছা নিয়ম তিব্বত-বৰ্ম্মীৰ পৰা পোৱা হৈছে। এই আচৰণত এখন গাৱঁৰ ছোৱালী আন এখন গাৱঁৰ ডেকাই পলুৱাই নিয়াত হোৱা সংঘৰ্ষৰে সঙ্কেত আছে। এই খিনিতে মন কৰিবলগীয়া যে অসমীয়া তিৰোতাৰ সাজ-পাৰ ঘাইকৈ মেখেলা আৰু ৰিহা তিব্বতী-কৰ্মীৰ দান। *

 তিব্বত-বৰ্ম্মী-ভাষীৰ পূজা-পাতলত তিৰোতাৰ আগশাৰী আছে। কছাৰী-

সকলৰ বাথৌ-ব্ৰাই পূজাত দেওধনীয়ে প্ৰায় পৰোহিতৰ কাৰ্য্যকে কৰে। মাতৃ-


*শ্ৰীৰূপনাথ ব্ৰহ্মদেৱৰ মতে ৰিহা বড়োৰ পৰা অহা শব্দ।